NORTHEAST NOW (Assamese)
অসম

জ’ বিদেনৰ সহযোগী ভাৰতীয় মূলৰ কমলা হেৰিছ ডেমক্ৰেটিক দলৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2020 8:56 am

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ডেমোক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বিদেনে ভাৰতীয় মূলৰ কমলা হেৰিছক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছে।

কমলা হেৰিছ আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীত্ব লাভ কৰা প্ৰথম গৰাকী দক্ষিণ এছিয়া-আমেৰিকান মহিলা।

৫৫ বছৰীয়া কমলা হেৰিছৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফোৰ্নিয়াৰ অকলেণ্ডত জন্ম হৈছিল।

হেৰিছৰ পিতৃ জামাইকান হোৱাৰ বিপৰীতে মাতৃ ভাৰতীয়।

প্ৰাক্তন ৰাষ্ট্ৰপতি বৰাক ওবামাৰ কাৰ্য্যকালৰ সময়তো কমলা হেৰিছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

আনহাতে, ডেমোক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বিদেনে বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিছে।

বিদেনে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’লে ট্ৰাম্পে কৰা সকলো চুক্তি বাতিল কৰা হ’ব বুলিও ঘোষণা কৰিছিল।

তদুপৰি, ৰাষ্ট্ৰপতি ট্ৰাম্পে জ’ বিদেন ৰাষ্ট্ৰপতি হ’লে চীন সকলোতকৈ সুখী হ’ব বুলি মন্তব্য কৰে।