NORTHEAST NOW (Assamese)
Popular Stories

৫ বছৰে গা ধোৱা নাই ডাক্তৰজনে; ছালত কোনো সমস্যা হোৱা নাই? নিজেই ভাঙিলে ভেদ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 10, 2025 3:01 pm
৫ বছৰে গা ধোৱা নাই ডাক্তৰজনে; ছালত কোনো সমস্যা হোৱা নাই? নিজেই ভাঙিলে ভেদ

দৈনিক গা নোধোৱা মানুহ বিচাৰি পোৱাটো টান। শীতকালত বা কোনো বিশেষ কাৰণত গা নোধোৱাকৈ থাকিব পাৰি। গা ধোৱাৰ জৰিয়তে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখিব পাৰি। দৈনিক গা ধুলে বেক্টেৰিয়া আৰু সংক্ৰমণৰ পৰা সুৰক্ষা পোৱা যায়।

শেহতীয়া বছৰবোৰত সৌন্দৰ্য্য আৰু ব্যক্তিগত যত্ন উদ্যোগৰ বিকাশ দ্ৰুত হাৰত হৈছে। ২০২৪ চনত কেৱল আমেৰিকাতে এই বজাৰখনে ১০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিছে। প্ৰায় প্ৰতিদিনে বজাৰলৈ আহি আছে নতুন নতুন সামগ্ৰী। গতিকে প্ৰশ্ন উত্থাপন হ’বই পাৰে – আমি সঁচাকৈয়ে গা ধোৱাৰ প্ৰয়োজন আছেনে?

এজন চিকিৎসকে বৰ্তমানৰ এই প্ৰথাক প্ৰত্যাহ্বান জনাইছে। ডাঃ জেমছ হাম্বলিনে যোৱা পাঁচ বছৰ ধৰি গা ধোৱা নাই। দীৰ্ঘদিন ধৰি তেওঁ শৰীৰৰ দুৰ্গন্ধক লৈ বিভিন্ন প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছে। গা নুধুলেও প্ৰতিদিনে চাবোনেৰে হাত ধুইছিল। তিতা হাতেৰে চুলিখিনি মচিছিল। এই দীঘলীয়া সময়ছোৱাত তেওঁৰ পৰ্যবেক্ষণ কি?

তেওঁ কয় যে বেছিভাগ মানুহেই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে নহয় বৰঞ্চ সৌন্দৰ্য্য বৃদ্ধিৰ বাবেহে প্ৰসাধন সামগ্ৰী ব্যৱহাৰ কৰে। যদিও তেওঁ স্বীকাৰ কৰে যে চাবোন ব্যৱহাৰ কৰি শৰীৰৰ পৰা তৈলাক্ত ভাৱ দূৰ কৰাটো প্ৰয়োজনীয়। দুয়োখন হাত একেলগে পানীৰ তলত ধুলে মলি আৰু বীজাণু নিধনত সহায় কৰে।

হাম্বলিনৰ মতে গৰম পানীৰে চাবোনেৰে গা ধুলে ছালৰ প্ৰাকৃতিক তেল, ৰাসায়নিক পদাৰ্থ আৰু মাইক্ৰ’বায়’মৰ সুক্ষ্ম ভাৰসাম্য বিঘ্নিত হয়। এই মাইক্ৰ’বায়’মটো আন্ত্ৰিক বেক্টেৰিয়াৰ দৰেই। ইহঁতে শৰীৰৰ আভ্যন্তৰীণ কাৰ্য্য আৰু বাহ্যিক পৰিৱেশ দুয়োটাৰে সৈতে যোগাযোগ কৰে। অত্যধিক গা ধোৱাৰ ফলত ছালৰ তেল হেৰাই যাব পাৰে। ইয়াৰ ফলত ছাল শুকান হৈ উপকাৰী বেক্টেৰিয়া নাইকিয়া হ’ব পাৰে। যাৰ ফলত দীৰ্ঘম্যাদী স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

গৱেষকসকলে এতিয়াও ছালৰ মাইক্ৰ’বায়’মৰ সম্পূৰ্ণ প্ৰভাৱ পৰীক্ষা কৰি আছে। প্ৰাথমিক গৱেষণাৰ পৰা দেখা গৈছে যে এই অণুজীৱবোৰে সামগ্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত বহুত বেছি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।