NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাত ৯৬ লাখ ৩১৪ কোটি টকা বিনিয়োগৰ প্ৰতিশ্ৰুতি; আদানীক জালিয়াতিৰ গোচৰত ৰেহাই দিলে ট্ৰাম্প চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 19, 2026 11:54 am

আমেৰিকাত অপৰাধমূলক গোচৰৰ পৰা মুক্ত হৈছে উদ্যোগপতি গৌতম আদানী। তেওঁৰ ভতিজাক সাগৰ আদানীকো সকলো গোচৰৰ পৰা দোষমুক্ত কৰা হয়। তেওঁলোকৰ বিৰুদ্ধে থকা অপৰাধমূলক জালিয়াতিৰ সকলো অভিযোগ প্ৰত্যাহাৰ কৰা হৈছে। ইয়াৰ উপৰি নিষেধাজ্ঞাৰ মাজতো ইৰাণৰ সৈতে লেনদেন অব্যাহত ৰখাৰ গোচৰটো ‘নিষ্পত্তি’ কৰি নিলে ড’নাল্ড ট্ৰাম্প চৰকাৰে।

অৱশ্যে এনেয়ে সকাহ পোৱা নাই। আদানী গ্ৰুপে আমেৰিকাত ১০ বিলিয়ন ডলাৰ বিনিয়োগ কৰাৰ প্ৰতিশ্ৰুতি দিছে, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৯৬ লাখ ৩১৪ কোটি টকা। এনে লেনদেনৰ বিনিময়তে গৌতম আৰু সাগৰ আদানীক দোষমুক্ত কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে।

আমেৰিকাৰ বজাৰৰ পৰা লোৱা বিপুল ধন উৎকোচ হিচাপে ব্যৱহাৰ কৰি সেই ঘোচৰ বিনিময়ত ভাৰতৰ সৰ্ববৃহৎ সৌৰ শক্তি প্ৰকল্পৰ ঠিকা লাভ কৰাৰ বাবে আদানী গ্ৰুপৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈছিল। দীৰ্ঘদিন ধৰি আমেৰিকা চৰকাৰৰ লগত আলোচনা চলি আছিল। শেষত আমেৰিকাৰ ন্যায় বিভাগে আদানী গ্ৰুপক সকলো গোচৰৰ পৰা মুক্ত কৰিলে।

গৌতম আদানিয়ে আমেৰিকাত নিজৰ অধিবক্তা হিচাপে নিযুক্তি দিয়া অধিবক্তাজন আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰো ব্যক্তিগত অধিবক্তা। তেওঁ কৈছিল যে আদানী গ্ৰুপে আমেৰিকাত ১০ বিলিয়ন বিনিয়োগ কৰিবলৈ সাজু। কিন্তু গোচৰটো বিচাৰাধীন হৈ থকাৰ বাবে তেওঁলোকে তেনে কৰিবলৈ সক্ষম হোৱা নাই।

কিন্তু এনেদৰে আদানী গ্ৰুপক দোষমুক্ত কৰাৰ সন্দৰ্ভত আমেৰিকা প্ৰশাসনৰ ভিতৰত সমালোচনা আৰম্ভ হৈছে। জো বাইডেন চৰকাৰৰ দিনত আদানী গ্ৰুপৰ বিৰুদ্ধে অপৰাধমূলক জালিয়াতিৰ অভিযোগ উত্থাপন হৈছিল। কোৱা হৈছিল যে আমেৰিকাৰ বজাৰৰ পৰা ৩ বিলিয়ন ডলাৰ তোলা হৈছিল। অৱশ্যে আদানী গ্ৰুপে দুৰ্নীতিৰ বিষয়টো সম্পূৰ্ণৰূপে লুকুৱাই ৰাখিছিল।

ইয়াৰ উপৰিও আমেৰিকাৰ কোষাগাৰ বিভাগে অভিযোগ উত্থাপন কৰে যে আদানী গ্ৰুপে নিষেধাজ্ঞাৰ পৰা হাত সাৰিবলৈ ইৰাণৰ পৰা তৰল পেট্ৰলিয়াম গেছ ক্ৰয় কৰিছিল। এই গোচৰটো নিষ্পত্তি কৰিবলৈ তেওঁলোকে ২৭৫ মিলিয়ন ডলাৰ দিবলৈ সন্মত হয়, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ২৬৪৭ কোটি টকা।

আমেৰিকাই দাবী কৰিছিল যে আদানী গ্ৰুপে ডুবাইৰ এটা কোম্পানীৰ জৰিয়তে প্ৰায় ১৯১ মিলিয়ন ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৮৩৯ কোটি টকা) মূল্যৰ এল পি জি ক্ৰয় কৰিছিল। যদিও এল পি জি ওমান আৰু ইৰাকৰ পৰা অহা বুলি দাবী কৰা হৈছিল, তথাপিও প্ৰকৃততে এল পি জি ইৰাণৰ পৰা ক্ৰয় কৰা হৈছিল। আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে জনাইছে যে উৎকোচৰ সমস্যাও নিষ্পত্তি হৈছে। অৱশ্যে আদালতৰ ছীল-মোহৰ পৰিবলৈ এতিয়াও বাকী আছে।

সেই সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আদানীৰ ঘনিষ্ঠতাকলৈও প্ৰশ্ন উত্থাপন হৈছিল। আনকি লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও মোডীয়ে আদানীক গোচৰৰ পৰা উলিয়াই আনিবলৈ আমেৰিকাৰ সৈতে আপোচ কৰাৰ অভিযোগ উত্থাপন কৰে।

শেহতীয়াকৈ যেতিয়া আদানী এই গোচৰৰ পৰা ওলাই আহিবলৈ আমেৰিকাত বিনিয়োগ কৰিছে বুলি খবৰ ওলাইছে, তেতিয়া ৰাহুলকে ধৰি বিৰোধী শিবিৰৰ আন নেতাসকলে মোডীৰ ভূমিকা সম্পৰ্কে সৰৱ হয়। ৰাহুলৰ বক্তব্য আছিল, ‘এয়া বাণিজ্যিক চুক্তি নহয়, আপোচকামী প্ৰধানমন্ত্ৰীয়ে আদানিক সকাহ দিবলৈ চুক্তি কৰিছে।’