NORTHEAST NOW (Assamese)

বিশ্বৰ শক্তিশালী পাছপ’ৰ্ট! শীৰ্ষ ১০ৰ পৰা বাদ পৰিল ট্ৰাম্পৰ আমেৰিকা, কিমান স্থানত মোডীৰ ভাৰত?

October 16, 2025 9:40 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: October 16, 2025 7:54 pm

ইমান যুদ্ধ বন্ধ কৰিলে ড’নাল্ড ট্ৰাম্পে, পিচে লাভ কি হ’ল? ন’বেলো হাতৰ পৰা গ’ল। পাছপ’ৰ্টৰ শক্তিৰ জোখত ইতিহাসত প্ৰথমবাৰৰ বাবে আমেৰিকাই শীৰ্ষ ১০খন দেশৰ তালিকাৰ পৰা আঁতৰিল।

‘হেনলি পাছপ’ৰ্ট ইনডেক্স, ২০২৫’ৰ শেহতীয়া ৰেংকিং অনুসৰি আমেৰিকাৰ পাছপ’ৰ্টৰ শক্তি ইমানেই হ্ৰাস পাইছে যে তালিকাৰ ১২ নম্বৰ স্থানলৈ নামি আহিছে। তেওঁলোকৰ সৈতে মালয়েছিয়াও একে অৱস্থাতে আছে।

হেনলি পাছপ’ৰ্ট সূচকাংকত বিশ্বৰ সকলো দেশৰ পাছপ’ৰ্টৰ শক্তি নিৰীক্ষণ কৰা হয়। পাছপ’ৰ্টৰ শক্তিৰ অৰ্থ হ’ল সেই পাছপ’ৰ্টৰ জৰিয়তে বিশ্বৰ কিমানখন দেশত ভিছামুক্ত বা ভিছা-অন-আৰাইভালৰ সুবিধা লাভ কৰিব পাৰি। উদাহৰণস্বৰূপে, আমেৰিকাৰ নাগৰিকে এতিয়া বিশ্বৰ ১৮০খন দেশলৈ ভিছামুক্ত বা ভিছা-অন-এৰাইভেলৰ সুবিধা লাভ কৰিব পাৰে।

তুলনামূলকভাৱে এছিয়াৰ দেশসমূহত পাছপ’ৰ্টৰ শক্তি বৃদ্ধি পাইছে। ছিংগাপুৰে বিশ্বৰ আটাইতকৈ শক্তিশালী পাছপ’ৰ্ট হিচাপে প্ৰথম স্থান অক্ষুণ্ণ ৰাখিছে, ইয়াৰ নাগৰিকে ভিছা অবিহনে ১৯৩খন দেশলৈ যাব পাৰে। দ্বিতীয় স্থানত আছে দক্ষিণ কোৰিয়া, ইয়াৰ নাগৰিকে ভিছা অবিহনে ১৯০খন দেশলৈ যাব পাৰে। তৃতীয় স্থানত আছে জাপান। জাপানৰ নাগৰিকে ভিছা অবিহনে ১৮৯খন দেশলৈ যাব পাৰে।

এইটো বাৰু আমেৰিকা আৰু বিশ্বৰ অন্যান্য দেশৰ কথা। ভাৰতৰ অৱস্থা কেনেকুৱা? ভাৰতৰ পাছপ’ৰ্টৰ শক্তি বাঢ়িছে নে কমিছে? হেনলি পাছপ’ৰ্ট সূচকাংকত ভাৰতৰ স্থান এই বছৰ আৰু অধিক হ্ৰাস পাইছে। বিগত বছৰ এই তালিকাত ভাৰত ৮০ নম্বৰ স্থানত আছিল। এইবাৰ ৫ স্থান হ্ৰাস পাই ৮৫ নম্বৰ স্থানত আছে। এতিয়া ভাৰতীয় পাছপ’ৰ্টৰে ভিছা অবিহনে মাত্ৰ ৫৭খন দেশতহে প্ৰৱেশ কৰিব পাৰিব।

চীনেও যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ১০ বছৰ আগতে চীনৰ পাছপ’ৰ্ট এই তালিকাত ৯৪ নম্বৰ স্থানত আছিল। এইবাৰ ৬৫ নম্বৰ স্থানলৈ উন্নীত হৈছে।

এখন দেশৰ ছফট্ পাৱাৰ তাৰ পাছপ’ৰ্টৰ শক্তিৰ জৰিয়তে প্ৰকাশ পায়। ইয়াৰ দ্বাৰা কূটনৈতিক পদক্ষেপ আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বজাই ৰখাত এখন দেশ কিমান সফল হয় সেইটো ওলাই পৰে। শেহতীয়া হেনলি পাছপ’ৰ্ট সূচকাংকৰ পৰা স্পষ্ট যে এছিয়া ক্ৰমান্বয়ে ছফট্ পাৱাৰৰ ক্ষেত্ৰত আগবাঢ়িছে আৰু আমেৰিকা পিছ পৰি গৈছে। ভাৰতৰ অৱস্থাও সন্তোষজনক নহয়।

Related News