NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাত নাইট্ৰজেন গেছৰ দ্বাৰা প্ৰথম মৃত্যুদণ্ড কাৰ্যকৰী কৰা হ’ব নাৰী হত্যাকাৰী কেনেথ স্মিথৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 25, 2024 1:28 pm

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে আমেৰিকাৰ আলাবামা ৰাজ্যত নাইট্ৰজেন গেছ ব্যৱহাৰ কৰি এজন অপৰাধীৰ মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্ত বাহাল ৰাখিছে। বুধবাৰে মৃত্যুদণ্ড স্থগিত ৰখাৰ বাবে আচামী কেনেথ স্মিথৰ আবেদন খাৰিজ কৰা হয়।

আলাবামাৰ গৱৰ্ণৰ কে আইভীয়ে কালি নিশা ১২ বজাৰ পৰা কাইলৈ ​​শুকুৰবাৰে পুৱা ৬ বজাৰ ভিতৰত (মুঠ ৩০ ঘণ্টা) মৃত্যুদণ্ডৰ সময় নিৰ্ধাৰণ কৰিছে। আমেৰিকাত নাইট্ৰজেন গেছৰ দ্বাৰা এইটোৱেই হ’ব প্ৰথম মৃত্যুদণ্ড।

২০২২ চনত কেনেথ স্মিথক প্ৰথমবাৰৰ বাবে মাৰাত্মক বেজীৰে মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ চেষ্টা কৰা হৈছিল। অৱশ্যে তেতিয়া এই শাস্তি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত স্থগিত ৰখা হয়।

লগতে পঢ়কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজপথত নামিব কৃষক সংগঠন; ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান

আলাবামাৰ ৰিপাব্লিকান গৱৰ্ণৰ কে আইভেই ৰাজ্যখনৰ মৃত্যুদণ্ড ব্যৱস্থা প্ৰক্ৰিয়াৰ নতুন পৰ্যালোচনাৰ কথা ঘোষণা কৰে। কেইমাহমানৰ পিছত পৰ্যালোচনাৰ অন্ত পৰিল। নাইট্ৰজেন গেছ প্ৰয়োগ কৰি কেনেথ স্মিথক মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্ত লয় কৰ্তৃপক্ষই। বৃহস্পতিবাৰে নিৰ্ধাৰণ কৰা হৈছে মৃত্যুদণ্ডৰ তাৰিখ।

২০২৩ চনৰ মে’ মাহত দ্বিতীয় ৰাউণ্ডৰ মৃত্যুদণ্ড বিচৰাৰ সিদ্ধান্তক আদালতত প্ৰত্যাহ্বান জনাইছিল স্মিথে। তেওঁৰ অধিবক্তাৰ মতে, স্মিথে ৰাজ্যখনৰ স্থানীয় আদালতত কয় যে প্ৰথম প্ৰচেষ্টা বিফল হোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে মৃত্যুদণ্ডৰ চেষ্টা কৰিলে আমেৰিকাৰ সংবিধানৰ অষ্টম সংশোধনী উলংঘা হ’ব। এই সংশোধনীত নিষ্ঠুৰ আৰু অস্বাভাৱিক শাস্তি নিষিদ্ধ কৰা হৈছে।

ইয়াৰ উপৰিও তেওঁ লগতে দাবী কৰে যে বেজীৰে মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ প্ৰথম প্ৰচেষ্টা বিফল হোৱাৰ পিছত তেওঁ তীব্ৰ শাৰীৰিক আৰু মানসিক বিষত ভুগিবলগীয়া হৈছিল।

লগতে পঢ়কঃ কি যে হ’ব! গোৱাৰ সলনি অযোধ্যাত মধুচন্দ্ৰিকা; বিবাহ বিচ্ছেদ বিচাৰি আদালতত মহিলা

উল্লেখ্য যে ১৯৮৮ চনত এলিজাবেথ চেনেট নামৰ এগৰাকী মহিলাক হত্যা কৰাৰ অভিযোগত স্মিথক দোষী সাব্যস্ত কৰা হয়। ২০২২ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যাগৰিষ্ঠতাই স্মিথক বেজীৰে মৃত্যুদণ্ড দিয়াৰ অনুমতি দিছিল। ৯ জনীয়া আদালতৰ ৩ জন ন্যায়াধীশে এই সিদ্ধান্তৰ বিৰুদ্ধে মতানৈক্য প্ৰকাশ কৰে।

কেনেথ স্মিথ আৰু এজন সহযোগীক মহিলাগৰাকীৰ স্বামী চাৰ্লছ চেনেটে এলিজাবেথ চেনেটক হত্যা কৰিবলৈ নিযুক্তি দিছিল। পৰামৰ্শদাতাসকলে কয় যে চাৰ্লছে পত্নীৰ বীমাৰ ধন লাভৰ ষড়যন্ত্ৰ কৰিছিল। পিছত তেওঁ আত্মহত্যা কৰে। এই হত্যাকাণ্ডৰ বাবে স্মিথৰ সহযোগীকো মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হয়। এই শাস্তি ২০১০ চনত কাৰ্যকৰী কৰা হৈছিল।

কেনেকৈ মৃত্যুদণ্ডৰ পৰিকল্পনা কৰা হৈছে

নাইট্ৰজেন গেছ ব্যৱহাৰ কৰি মৃত্যুদণ্ডৰ বাবে স্মিথৰ মুখত বিশেষভাৱে নিৰ্মিত মাস্ক পিন্ধাই দিয়া হব। এই মাস্কৰ মাজেৰে অক্সিজেন প্ৰবাহিত হোৱাৰ কোনো সুযোগ নাই। এই মাস্কটো নাইট্ৰজেন ভৰ্তি চিলিণ্ডাৰৰ সৈতে সংযোগ থাকিব।

লগতে পঢ়কঃ অৱসৰৰ বাতৰি অস্বীকাৰ মেৰী কমৰ: দিলে স্পষ্টীকৰণ

অৱশ্যে ৫৮ বছৰীয়া স্মিথে আমেৰিকাৰ সংবিধানৰ অষ্টম সংশোধনীৰ অধীনত নাইট্ৰজেন গেছৰ দ্বাৰা আলাবামাত মৃত্যুদণ্ড দিয়াৰ বৈধতাক লৈ পৃথকে প্ৰশ্ন উত্থাপন কৰিছে। ১০ জানুৱাৰীত স্মিথৰ আবেদন সন্দৰ্ভত ৰায়দান কৰে ন্যায়াধীশে। কালি আটলাণ্টাৰ একাদশ আমেৰিকাৰ চাৰ্কিট আদালতে এই সিদ্ধান্তক সমৰ্থন কৰে। এতিয়াও উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰাৰ সুযোগ আছে।

এই সন্দৰ্ভত স্মিথৰ অধিবক্তা ৰবাৰ্ট গ্ৰছে কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।