NORTHEAST NOW (Assamese)
অসম

প্ৰতিশোধ! ইৰাণৰ উগ্ৰপন্থী গোটৰ ইৰাক-চিৰিয়াৰ ৮৫টা ঘাটিত আমেৰিকাৰ বিমান আক্ৰমণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2024 10:10 am

ইৰাক আৰু ছিৰিয়াত আমেৰিকাই বিমান আক্ৰমণ আৰম্ভ কৰিছে। ইৰাণী বাহিনী আৰু তেহৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠনৰ বিৰুদ্ধে অভিযান আৰম্ভ হোৱা বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই প্ৰকাশ কৰিছে।

যোৱা সপ্তাহত দেওবাৰে জৰ্ডানৰ সেনা ঘাটিত ড্ৰ’ন আক্ৰমণ সংঘটিত হৈছিল। এই আক্ৰমণত ৩ জন আমেৰিকান সেনা জোৱানৰ মৃত্যু হয়। আমেৰিকাই সেই ঘটনাৰ প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰিছে।

উল্লেখ্য যে দেওবাৰে জৰ্ডানৰ সেনা ঘাটিত ড্ৰোন আক্ৰমণ সংঘটিত হৈছিল। ইৰাণৰ সমৰ্থিত উগ্ৰপন্থী সংগঠনে এই আক্ৰমণ সংঘটিত কৰিছিল।

লগতে পঢ়কঃ ICC U19 Mens Cricket World Cup: শচীন-উদয়ৰ শতকৰ পিছত সৌম্যৰ স্পিনৰ যাদু! নেপালক পৰাস্ত কৰি ছেমিত ভাৰত

পৰৱৰ্তী আক্ৰমণ সংঘটিত হ’লে পৰিণতি ভয়াৱহ হ’ব বুলি পূৰ্বেই সকীয়নি দিছিল ৱাশ্বিংটনে। শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এক বিবৃতিত কয় যে আমাৰ প্ৰত্যুত্তৰ আৰম্ভ হৈছে।

আমেৰিকাই উগ্ৰপন্থী গোটসমূহৰ অন্তৰ্গত ইৰাণৰ ৮৫টাতকৈও অধিক ঘাটিত বিমান আক্ৰমণ চলাইছে। বিশেষকৈ এই আক্ৰমণত ইৰাণৰ কুৰ্দি বাহিনীক লক্ষ্য কৰি লোৱা হৈছে।

আমেৰিকাৰ চেন্ট্ৰেল কমাণ্ডৰ তথ্য অনুসৰি ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছ কুডছ ফৰ্চক আক্ৰমণ কৰা হৈছে। দীৰ্ঘ দূৰত্বৰ বোমাৰু বিমান প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়কঃ ক্ষমতাই মূৰত ধৰিছে! ভূমি বিবাদক লৈ থানাৰ ভিতৰতে মিত্ৰজোঁটৰ নেতাক গুলীয়ালে বিজেপি বিধায়কে!

বাতৰি অনুসৰি, ৩০ মিনিটৰ বাবে এই বিমান আক্ৰমণ চলোৱা হৈছিল। প্ৰেৰণ কৰা হৈছে বি-১ বোমাৰু বিমান।

ছিৰিয়াৰ কেইবাটাও সংবাদ মাধ্যমে দাবী কৰিছে যে আমেৰিকাৰ এই আক্ৰমণত বহু ক্ষতিসাধন হৈছে আৰু হতাহতৰ সংখ্যাও বহুত হ’ব।