NORTHEAST NOW (Assamese)

য়েমেনত হুথি বিদ্ৰোহীৰ ওপৰত আমেৰিকাৰ তীব্ৰ বিমান আক্ৰমণ; নিহত ২৪ জন

March 16, 2025 10:34 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: March 16, 2025 10:35 am

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ নিৰ্দেশত য়েমেনত হুথি বিদ্ৰোহী সংগঠনটোৰ বিৰুদ্ধে তীব্ৰ বিমান আক্ৰমণ চলাইছে আমেৰিকাই।

ইৰাণ সমৰ্থিত গোটটোৰ সামৰিক ঘাটি, মিছাইল প্ৰতিৰক্ষা ব্যৱস্থা, কমাণ্ড চেণ্টাৰ আদিত ইটোৰ পিছত সিটোকৈ আক্ৰমণ কৰিছে আমেৰিকাৰ যুদ্ধ বিমানে। এই আক্ৰমণত কমেও ২৪ জন লোকৰ মৃত্যু হয়।

সংবাদ মাধ্যমৰ খবৰ অনুসৰি শনিবাৰৰ পৰা আৰম্ভ হোৱা এই আক্ৰমণ কেইবাদিনো, আনকি কেইবা সপ্তাহো চলিব পাৰে বুলি কয় এজন আমেৰিকান বিষয়াই। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এই আক্ৰমণৰ নিৰ্দেশ দিছে।

ইৰাণ সমৰ্থিত সশস্ত্ৰ সংগঠনটোৱে দাবী কৰিছে যে এই আক্ৰমণৰ লক্ষ্য হৈছে ছানাৰ শ্বাৱাব জিলাৰ এটা আৱাসিক অঞ্চল। ইয়াৰ ফলত স্থানীয় ৰাইজৰ মাজত আতংক বিয়পি পৰে। স্থানীয় বাসিন্দাসকলে কয় যে এই বিস্ফোৰণ ইমানেই ভয়ংকৰ আছিল যে ভূমিকম্পৰ দৰে অনুভৱ হৈছিল।

হুথিৰ নিয়ন্ত্ৰিত স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে য়েমেনৰ ৰাজধানী ছানাত আমেৰিকাৰ আক্ৰমণত কমেও ২৪ জন লোক নিহত হৈছে।

হুথিৰ মুখপাত্ৰ নাছৰুদ্দিন আমেৰে সকীয়াই দিয়ে যে এই আক্ৰমণে তেওঁলোকক দমাব নোৱাৰে। গাজাৰ বাবে ছানা ৰক্ষাকবচ হৈ ৰ’ব।

কৃষ্ণ সাগৰত নিয়োজিত হৈছিল আমেৰিকাৰ যুদ্ধজাহাজ ইউ এছ এছ হেৰী এছ ট্ৰুমেন। ইয়াৰ উপৰিও ইউ এছ এছ জৰ্জিয়া ক্ৰুজ মিছাইল চাবমেৰিনেও এই অভিযানত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে। ট্ৰাম্প প্ৰশাসনৰ অধীনত য়েমেনত হুথিৰ বিৰুদ্ধে এইটোৱেই প্ৰথম আক্ৰমণ।

লোহিত সাগৰত জাহাজ আক্ৰমণ বন্ধ কৰিবলৈ হুথিক আহ্বান জনায় ট্ৰাম্পে। অন্যথা তেওঁ চৰম পৰিণতিৰ সতৰ্কবাণী দিছিল।

হুথিৰ মূল পৃষ্ঠপোষক ইৰাণকো ভাবুকি দিছে ট্ৰাম্পে। তেওঁ তেহৰাণক তৎকালীনভাৱে বিদ্ৰোহী সংগঠনটোক সমৰ্থন কৰা বন্ধ কৰিবলৈ আহ্বান জনায়। ট্ৰাম্পে তেহৰাণক ভাবুকি দি কয় যে ইৰাণে যদি আমেৰিকাক ভাবুকি দিয়ে তেন্তে আমেৰিকাই তেওঁলোকক সম্পূৰ্ণৰূপে জবাবদিহি কৰিব। কিন্তু সেয়া তেওঁলোকৰ বাবে ভাল নহ’ব।

ইয়াৰ পূৰ্বে হুথিয়ে ইজৰাইলৰ জাহাজক লক্ষ্য কৰি নতুন আক্ৰমণ চলাব বুলি ঘোষণা কৰিছিল। কিন্তু আমেৰিকাৰ আক্ৰমণৰ পিছত হুথিয়ে কোনো ধৰণৰ প্ৰত্যাক্ৰমণ কৰাৰ খবৰ পোৱা হোৱা নাই।

Related News