NORTHEAST NOW (Assamese)
অসম

বন্দুকধাৰীৰ গুলীত নিহত আমেৰিকাৰ এগৰাকী সাংসদ, গুৰুতৰভাৱে আহত আন এগৰাকী সাংসদো

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 15, 2025 8:57 am

আমেৰিকাৰ মিনেছ’টা প্ৰদেশত শনিবাৰে পুৱা স্থানীয় সময় অনুসৰি এগৰাকী মহিলা সাংসদ আৰু তেওঁৰ স্বামীক বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। একেজন বন্দুকধাৰীৰ আক্ৰমণত আন এজন সাংসদ আৰু তেওঁৰ পত্নী গুৰুতৰভাৱে আহত হয়। মিনেছ’টাৰ গৱৰ্ণৰ টিম ৱালজে এই আক্ৰমণক ‘ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত’ বুলি অভিহিত কৰিছে।

খবৰ অনুসৰি এই আক্ৰমণত নিহত হোৱা সাংসদগৰাকী হৈছে মেলিছা হাৰ্টমেন। তেওঁ ডেম’ক্ৰেট আছিল। তেওঁ মিনেছ’টাৰ প্ৰাক্তন স্পীকাৰ আছিল। বৰ্তমান তেওঁ মিনেছ’টা ষ্টেট ৰিপ্ৰেজেন্টেটিভ (ডেম’ক্ৰেট – ব্ৰুকলিন পাৰ্ক)। এই আক্ৰমণত তেওঁৰ স্বামী মাৰ্কৰ মৃত্যু হয়। খবৰ অনুসৰি মেলিছা আৰু মাৰ্কক নিজৰ ঘৰতে আক্ৰমণ কৰা হৈছিল। আক্ৰমণকাৰীয়ে আৰক্ষীৰ সাজ পিন্ধি আহি আক্ৰমণ সংঘটিত কৰা বুলি তদন্তত জানিব পৰা গৈছে।

ইপিনে, চিনেটৰ জন হফমেন (ডেম’ক্ৰেট – চেম্পলিন) আৰু তেওঁৰ পত্নী ইভেট নিজৰ ঘৰত একেধৰণৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয়। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ অস্ত্ৰোপচাৰ কৰা হয়।

খবৰ অনুসৰি এই আক্ৰমণৰ সময়ত হফমেনৰ কুকুৰটোকো গুলীয়াই হত্যা কৰা হৈছে। পিছত মিনেছ’টাৰ গৱৰ্ণৰে কয় যে তেওঁ আশাবাদী যে হফমেন দম্পতীক ৰক্ষা কৰিব পৰা যাব।

ইপিনে, এই দুটা আক্ৰমণৰ পিছতে অভিযুক্ত বন্দুকধাৰীজনে পলায়ন কৰে। আৰক্ষীয়ে জনোৱা মতে, সন্দেহযুক্ত বন্দুকধাৰীয়ে প্ৰথমে হফমেন দম্পতীক গুলীয়াই হত্যা কৰে। সেই কাণ্ডৰ প্ৰায় ডেৰ ঘণ্টাৰ পিছত হাৰ্টমেন দম্পতীৰ ঘৰতো একেধৰণৰ কাণ্ড সংঘটিত হয়।

অভিযুক্তক ধৰিবলৈ আৰক্ষীয়ে বৃহৎ অভিযান আৰম্ভ কৰিছে। এই আক্ৰমণৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, ‘মিনেছ’টাত সংঘটিত হোৱা ভয়ংকৰ গুলীচালনাৰ ঘটনাৰ বিষয়ে মোক অৱগত কৰা হৈছে। দেখা গৈছে যে ইচ্ছাকৃতভাৱে সাংসদসকলক লক্ষ্য কৰি লোৱা হৈছে।’

আৰক্ষীয়ে জনোৱা মতে, সন্দেহযুক্ত লোকজন শ্বেতাংগ পুৰুষ, বাদামী চুলি, নীলা চাৰ্টৰআৰু নীলা পেণ্টৰ ওপৰত ক’লা বডি আৰ্মাৰ পৰিহিত। তেওঁ আইন প্ৰয়োগকাৰী বিষয়া হিচাপে ভুৱা পৰিচয় দি এই দুটা আক্ৰমণ সংঘটিত কৰিছিল। সন্দেহজনক লোকজনৰ প্ৰকৃত নাম ভ্যান্স ব’য়েলটাৰ। আৰক্ষীয়ে সন্দেহজনক লোকজনৰ ফটো প্ৰকাশ কৰিছে।