NORTHEAST NOW (Assamese)
Popular Stories

ডিজিটেল ষ্ট্ৰাইক; ভাৰতৰ দৰে আমেৰিকাইও নিষিদ্ধ কৰিব কেইবাটাও চাইনীজ এপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 7, 2020 1:01 pm

ভাৰতে চীনা এপৰ বিৰুদ্ধে চলোৱা ডিজিটেল ষ্ট্ৰাইকৰ পিছতে এতিয়া আমেৰিকাইও চীনৰ কিছু এপ নিষিদ্ধ কৰাৰ চিন্তা চৰ্চা কৰিছে।

এই সন্দৰ্ভত আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাইক পম্পিঅ’ই কয় যে আমৰিকাই চীনা এপ নিষিদ্ধ কৰাৰ প্ৰস্তুতি চলাই আছে, য’ত টিকটকৰ দৰে জনপ্ৰিয় এপো অন্তৰ্ভুক্ত।

মাইক পম্পিঅ’ৰ এই মন্তব্যৰ পিছতে চীনত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ উদ্ভৱ হোৱাটো নিশ্চিত।

উল্লেখ্য যে, ভাৰত-চীন সীমান্তত হোৱা হিংসাত্মক সংঘৰ্ষৰ পিছতেই ভাৰতে জনপ্ৰিয় টিকটকসহ মুঠ ৫৯টা চাইনীজ এপ নিষিদ্ধ ঘোষণা কৰিছিল। ভাৰত চৰকাৰৰ এই সিদ্ধান্ত ডিজিটেল ষ্ট্ৰাইক বুলি অভিহিত কৰা হৈছে।

চাইনীজ এপ নিষিদ্ধ হোৱাৰ পিছৰে পৰা ভাৰতত নিৰ্মিত এপৰ ডাউনলোড যথেষ্ট পৰিমানে বৃদ্ধি পাবলৈ ধৰিছে। টিকটৰ পৰিৱৰ্তে চিংগাৰী আৰু ধকধক, কেমস্কেনাৰৰ বিপৰীতে স্কেন কৰো এপ আৰু চেয়াৰ ইটৰ সলনি চেয়াৰ চাটৰ দৰে এপ ডাউনলোড হৈ আছে।

ইফালে পম্পিঅ’ৱে কৈছে যে চীনৰ বিৰুদ্ধে এতিয়া আমেৰিকাই অন্য ধৰণে মুখামুখি কৰিব লাগিব।

উল্লেখ্য যে ভাৰতত জনপ্ৰিয় টিকটক বন্ধ হোৱাৰ পিছতে চাইনীজ কোম্পানিটোৰ প্ৰায় ৪৫ হাজাৰ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছিল।

ভাৰতৰ পিছতে আমেৰিকাই চাইনীজ এপৰ বিৰুদ্ধে ডিজিটেল ষ্ট্ৰাইক চলাব বুলি কৰা মন্তব্যক চীনে কেনেধৰণে প্ৰত্যুত্তৰ দিয়ে সেয়া লক্ষ্যণীয় হৈ পৰিব।