NORTHEAST NOW (Assamese)
Popular Stories

কৰ’নাৰ সংক্ৰমণৰ কবলত পৰি ১.৫ ইঞ্চি চুটি হৈ গ’ল পুৰুষাংগ! যুৱকৰ দাবীত স্তম্ভিত গৱেষক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 15, 2022 1:57 pm
Depressd Man

কৰ’না ভাইৰাছৰ কবলত পৰি হাঁওফাঁওৰ ক্ষতি হোৱা কথাটো সকলোৱে জানে। তদুপৰি, গৱেষকসকলে আন অংগ-প্ৰত্যংগৰ ক্ষতি হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰি আহিছে। কিন্তু কৰ’নাৰ সংক্ৰমণৰ ফলত পুৰুষৰ যৌনাংগ চুটি হৈ যাব পাৰেনে? আমেৰিকাৰ এক যুৱকৰ এনে দাবীক লৈ স্তম্ভিত হৈ পৰিছে গৱেষক।  

দৰাচলতে ঘটনাটো নো কি? আমেৰিকাৰ ৩০ বছৰীয়া এই যুৱকজন কৰ’নাত আক্ৰান্ত হৈ হাস্পাতালত ভৰ্তি হয় আৰু অৱশেষত সম্পূৰ্ণ সুস্থ হৈ উঠে।

কিন্তু তাৰ পাছতে তেওঁ আৱিস্কাৰ কৰে যে তেওঁৰ পুৰুষাংগ শিথিল হৈ পৰিছে। ইয়াৰ বাবে তেওঁ চিকিৎসা আৰম্ভ কৰে। চিকিৎসা আৰম্ভ হোৱাৰ সময়তে যুৱকজনে লক্ষ্য কৰে যে তেওঁৰ লিংগ পূৰ্বতকৈ কমেও চাৰি ছেন্টিমিটাৰ অৰ্থাৎ ১.৫ ইঞ্চি চুটি হৈ গৈছে।

লগতে পঢ়ক: Covid-19 Update: দেশত ২৪ ঘটনাত আক্ৰান্ত ২লাখ ৬৮হাজাৰ; অ’মিক্ৰণ আক্ৰান্ত ৬হাজাৰ অতিক্ৰম

যুৱকজনে ‘হাউ টু ডু ইট’ নামৰ এক যৌনতা বিষয়ক পডকাষ্টত এই বিষয়ে সদৰী কৰি জনায়, ‘’অসুস্থ হোৱাৰ পূৰ্বে মোৰ গোপনাংগ খুব ডাঙৰ নহলেও স্বাভাৱিক আছিল। কিন্তু এতিয়া দেখিছো এইটো প্ৰায় ১.৫ ইঞ্চি কমি গৈছে। চিকিৎসকলে কৈছে এই পৰিৱৰ্তন স্থায়ী। ইয়াৰ ফলত বিশেষ একো নঘটে যদিও ই আত্মবিশ্বাস হ্ৰাস কৰিব।‘’

উল্লেখ্য যে বিগত বছৰত লেনছেট মেডিকেল জাৰ্ণালত প্ৰকাশ পোৱা এখন গৱেষণা পত্ৰত কোৱা হৈছিল যে ২৮ দিনৰ অধিক সময় ধৰি কৰ’নাত আক্ৰান্ত হৈ থকা ৩,৭০০ৰোগীৰ ওপৰত পৰীক্ষা কৰি দেখা গৈছিল যে তেওঁলোকৰ শৰীৰত নানা ধৰণৰ দীৰ্ঘস্থায়ী ক্ষতি হৈছে।

লগতে পঢ়ক:শীতৰ আমেজত পৰম্পৰাগত খেল-ধেমালিৰে ভোগালীৰ উত্তাপ বঢ়ালে শিলৰবড়ী গাঁৱবাসীয়ে

সকলো মিলি দুশতকৈয়ো অধিক লক্ষণ ধৰা পৰিছিল। তাৰ ভিতৰত পুৰুষৰ যৌনাংগ বা অণ্ডকোষৰ আকৃতি চুটি হৈ যোৱাৰ দৰে ঘটনাও আছিল। আমেৰিকান যুৱ কৰ নতুন দাবীয়ে পুনৰ সেই গৱেষণাৰ বিষয়টো সজীৱ কৰি তুলিলে।