NORTHEAST NOW (Assamese)
অসম

সংকটজনক অৱস্থাত উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উন! বিশ্বজুৰি চাঞ্চল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 21, 2020 2:07 pm
Story-1-6-1140x570-750x375

কৰ’না ভাইৰাছৰ আতংকৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্ৰত সৃষ্টি হৈছে আন এক চাঞ্চল্য। আন কাৰণ নহয়, মাৰ্কিন সংবাদ মাধ্যমত এনে প্ৰতিক্ৰিয়াৰ কাৰণ হৈছে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উন।

মাৰ্কিন সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, কিম জং উন বৰ্তমান গুৰুতৰভাৱে অসুস্থ।

কিমৰ এই বাতৰিক লৈ শত্ৰু দেশ কোৰিয়াতো চলিছে ব্যাপক চৰ্চা। ছিউলত কিমৰ স্বাস্থ্যক লৈ ব্যাপক উৎসুকতা আৰম্ভ হৈছে।

কিন্তু কৰ’না ভাইৰাছত আক্ৰান্ত হৈছে নেকি উত্তৰ কোৰিয়াৰ পৰাক্ৰমী শাসকগৰাকী তাকে লৈ আন্তৰ্জাতিক মহলত তীব্ৰ উৎকণ্ঠা বৃদ্ধি পাইছে।

মঙলবাৰে হঠাতে কেইবাটাও মাৰ্কিন সংবাদ মাধ্যমত খৱৰ প্ৰকাশ পাইছে যে কিম জঙৰ এক জটিল অস্ত্ৰোপচাৰ সম্পন্ন হৈছে। গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে নেতাগৰাকী।

বাতৰি অনুসৰি অস্ত্ৰোপচাৰৰ পাছতেই হেনো কিম গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে।

দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাই ইয়াৰ আঁৰৰ খৱৰ উলিওৱাৰ বাবে ব্যস্ত হৈ পৰিছে। দেশখনে কিম জং কৰ’না আক্ৰান্ত হোৱাৰ আশংকা প্ৰকাশ কৰিছে।

ইপিনে, চিএনএনৰ বাতৰি অনুসৰি অজ্ঞাত কাৰণত  অস্ত্ৰোপচাৰৰ পাছত গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কিম জং।

মঙলবাৰে মাৰ্কিন সংবাদ মাধ্যমৰ বাতৰিৰ পাছতেই বিভিন্ন মহলত ব্যাপক চিন্তা-চৰ্চা চলিছে যদিও কোৰিয়াৰ সংবাদ মাধ্যমে কিমৰ এক হাৰ্টৰ অস্ত্ৰোপচাৰৰ পাছত তেওঁ সুস্থ হৈ উঠাৰ দাবী কৰিছে।

যিয়েই নহওক মঙলবাৰৰ দিনত মাৰ্কিন সংবাদ মাধ্যমৰ এই বাতৰিয়ে বিশেষ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কিন্তু কিম জং উনৰ স্বাস্থ্যৰ প্ৰকৃত খৱৰ এই সময়ত নিশ্চিত কৰাটো খুবেই অসম্ভৱ কিয়নো উত্তৰ কোৰিয়াৰ গোপন খৱৰ উলিওৱা বাস্তৱিকতে এক ডাঙৰ প্ৰত্যাহ্বান।