NORTHEAST NOW (Assamese)
অসম

আমেৰিকা যুক্তৰাষ্ট্ৰত চীনৰ গাড়ীৰ চফটৱেৰ, হাৰ্ডৱেৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 24, 2024 2:31 pm
আমেৰিকা যুক্তৰাষ্ট্ৰত চীনৰ গাড়ীৰ চফটৱেৰ, হাৰ্ডৱেৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাণিজ্য বিভাগে বাহনত চীনা চফটৱেৰ আৰু হাৰ্ডৱেৰ নিষিদ্ধ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে।

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ কাৰণে সোমবাৰে এই প্ৰস্তাৱ দাখিল কৰা হয়। ইয়াৰ ফলত আমেৰিকাত নিষিদ্ধ হোৱাৰ পথত চীনৰ গাড়ী।

প্ৰতিবেদনত কোৱা হৈছে যে বাইডেন প্ৰশাসনে চীনৰ প্ৰতিষ্ঠানসমূহে বাহনৰ তথ্য সংগ্ৰহৰ লগতে ইণ্টাৰনেট আৰু নেভিগেচন চিষ্টেমৰ সৈতে সংযুক্ত বাহনসমূহৰ সম্ভাৱ্য বিদেশী মেনুপুলেশ্যন সন্দৰ্ভত গুৰুতৰ উদ্বেগ প্ৰকাশ কৰিছে।

উল্লেখ্য যে যোৱা ফেব্ৰুৱাৰী মাহত এই সন্দৰ্ভত এক সম্ভাৱ্য ভাবুকি সম্পৰ্কে তদন্তৰ নিৰ্দেশো দিছিল হোৱাইট হাউছে।

যদিহে এই নতুনকৈ গ্ৰহণ কৰা প্ৰস্তাৱটো গৃহীত হয়, তেন্তে অনাগত বছৰবোৰত আমেৰিকা আৰু অন্যান্য প্ৰধান অটো নিৰ্মাতা প্ৰতিষ্ঠানসমূহে আমেৰিকাৰ বাহনসমূহৰ পৰা চীনৰ মূলৰ চফটৱেৰ আৰু হাৰ্ডৱেৰ আঁতৰাবলৈ বাধ্য হ’ব।