NORTHEAST NOW (Assamese)

প্ৰসংগঃ গৌতম আদানীলৈ আইনী জাননী; ভাৰত চৰকাৰৰ সহায় বিচাৰিলে নিউয়ৰ্কৰ আদালতে

February 20, 2025 8:24 am · এন ই নাও নিউজ, গুৱাহাটী

আমেৰিকাৰ ন্যায় বিভাগ আৰু ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে নিউয়ৰ্কৰ আদালতত উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে উৎকোচৰ গোচৰ তৰিছিল। কিন্তু এই সন্দৰ্ভত নৰেন্দ্ৰ মোদী চৰকাৰে কয় যে, ‘এইটো এটা ব্যক্তিগত কোম্পানী, কেইজনমান ব্যক্তি আৰু আমেৰিকাৰ ন্যায় বিভাগৰ মাজৰ আইনী বিষয়।’ তদুপৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দাবী কৰিছিল যে আমেৰিকাই ভাৰতক এই বিষয়ে অৱগত কৰা নাই।

এইবাৰ আমেৰিকাৰ ষ্টক মাৰ্কেট নিয়ন্ত্ৰক এছ ই চি (চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছন) নিউয়ৰ্কৰ আদালতত কয় যে এই বিষয়ত ভাৰত চৰকাৰৰ সহায় বিচাৰিছে। যিহেতু ২৬৫ মিলিয়ন ডলাৰৰ উৎকোচ গ্ৰহণৰ অভিযোগত অভিযুক্ত উদ্যোগপতি গৌতম আদানী আৰু তেওঁৰ ভতিজা সাগৰ আদানী ভাৰতত বাস কৰে, সেয়েহে ভাৰতৰ আইন মন্ত্ৰালয়ে তেওঁক এই অভিযোগৰ জাননী প্ৰেৰণ কৰাত সহায় কৰিবলৈ বিচৰা হৈছে। ১৮ ফেব্ৰুৱাৰীত এছ ই চিয়ে এখন পত্ৰযোগে আদালতক এই কথা অৱগত কৰে।

এই তথ্য পোহৰলৈ অহাৰ লগে লগে বিৰোধী শিবিৰে এই প্ৰশ্ন উত্থাপন কৰিছে যে, ‘প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ আদানীক লৈ এইবাৰ মোদী চৰকাৰে কি কৰিব? কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে কয় যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে সাক্ষাৎ কৰাৰ পাছত আদানীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক ব্যক্তিগত বিষয় বুলি অভিহিত কৰে।এতিয়া তেওঁ এছ ই চিক সহায় আৰু বাধা দিবনে?’

উল্লেখ্য যে, ইয়াৰ পূৰ্বে আমেৰিকাৰ ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ কমিছনে আদানীৰ বিৰুদ্ধে নিউয়ৰ্কৰ আদালতত অভিযোগনামা দাখিল কৰা হৈছিল। গৌতম আদানী, সাগৰ আদানী আদিৰ বিৰুদ্ধেও আমেৰিকাৰ ন্যায় বিভাগে অপৰাধমূলক অভিযোগ উত্থাপন কৰিছে। অভিযোগ উত্থাপন হৈছিল যে ভাৰতৰ বিভিন্ন ৰাজ্যত সৌৰশক্তিৰ বজাৰ মূল্যতকৈ অধিক মূল্যত বিক্ৰীৰ চুক্তি লাভ কৰিবলৈ আদানীয়ে ২৬৫ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ২০.৩ বিলিয়ন টকাৰ উৎকোচ দিছিল। ইয়াৰ পৰা ২০ বছৰৰ ভিতৰত ২ বিলিয়ন ডলাৰ লাভ কৰাৰ পৰিকল্পনা কৰা হৈছিল। এই প্ৰকল্পৰ বাবে ঋণ আৰু লেটাৰ অৱ ক্ৰেডিটৰ জৰিয়তে আদানীয়ে ৩ বিলিয়ন বা ৩ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছিল আৰু উপঢৌকনৰ অভিযোগৰ তথ্য গোপন কৰি ৰাখিছিল।

এইবাৰ নিউয়ৰ্কৰ আদালতত এছ ই চিয়ে কয় যে হেগ চাৰ্ভিচ কনভেনচনৰ অধীনত ভাৰতক সহায় প্ৰদানৰ বাবে অনুৰোধ কৰা হৈছে। এই চুক্তি অনুসৰি যদি কোনো আইনী সত্তাই আন এখন দেশৰ নাগৰিকলৈ আইনী জাননী প্ৰেৰণ কৰিব বিচাৰে তেন্তে সেই দেশৰ সংশ্লিষ্ট সংস্থাৰ জৰিয়তে সেই জাননী প্ৰেৰণ কৰিব লাগিব। ভাৰত আৰু আমেৰিকাকে ধৰি ৯০খন দেশে এই চুক্তি মানি চলে।

Related News