NORTHEAST NOW (Assamese)
অসম

শুল্ক নীতিক লৈ সিদ্ধান্ত লোৱাৰ কোনো ক্ষমতা নাই ট্ৰাম্পৰ! আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2026 8:00 am

শুল্ক নীতিক লৈ বিদেশী ৰাষ্ট্ৰৰ ওপৰত দাদাগিৰিৰ দিন শেষ হ’ল! আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ৰায়দানত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।

শুকুৰবাৰে ট্ৰাম্পৰ শুল্ক নীতিৰ সৈতে জড়িত এটা গোচৰত দেশখনৰ শীৰ্ষ আদালতে স্পষ্ট কৰি দিয়ে যে ৰাষ্ট্ৰপতি পদত বহি আমেৰিকাৰ কংগ্ৰেছৰ অনুমোদন অবিহনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নতুন শুল্ক আৰোপ কৰাৰ ক্ষমতা তেওঁৰ নাই। তেওঁ যি কৰিছে সেয়া সম্পূৰ্ণ অবৈধ।

আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে স্বাভাৱিকতে আন্তঃৰাষ্ট্ৰীয় অৰ্থনীতিত ডাঙৰ প্ৰভাৱ পেলাব। তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যে ট্ৰাম্পৰ শুল্ক নীতিৰ ফলত এতিয়ালৈকে হোৱা পৰিৱৰ্তন বা ইয়াৰ ভিত্তিত কৰা নতুন বাণিজ্যিক চুক্তিৰ ভৱিষ্যত কি হ’ব, সেই প্ৰশ্নটো উত্থাপন হৈছে।

শুকুৰবাৰে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ জন ৰবাৰ্টছৰ নেতৃত্বত ৯ জনীয়া বিচাৰপীঠে ট্ৰাম্পৰ শুল্ক নীতি পুনৰীক্ষণ কৰে। ফলাফল আছিল ৬-৩। অৰ্থাৎ শুল্ক নীতিৰ বিৰুদ্ধে অধিক ভোট দিয়া হ’ল। ইয়াৰ পিছত মুখ্য ন্যায়াধীশগৰাকীয়ে কয়, “জৰুৰীকালীন অৱস্থাৰ অজুহাতত আমেৰিকাৰ কংগ্ৰেছৰ অনুমতি অবিহনে এটা সিদ্ধান্ততে আমদানিৰ ওপৰত বিশাল শুল্ক আৰোপ কৰাৰ ক্ষমতা ৰাষ্ট্ৰপতিৰ নাই। তেওঁ যি কৰিছে সেয়া হৈছে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ।”

এই প্ৰসংগত ১৯৭৭ চনৰ আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক ক্ষমতা আইন বা আই ই ই পি এৰ উদ্ধৃতি দি ন্যায়াধীশসকলে কয় যে এই আইনখনে ৰাষ্ট্ৰপতিক অকলে কোনো সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰা নাই। শুল্ক আৰোপ কৰাৰ ক্ষেত্ৰত একেবাৰেই নহয়। এখন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত কিমান শতাংশ শুল্ক আৰোপ কৰিব পাৰি সেইটো নিৰ্ণয় কৰাৰ ক্ষমতা কেৱল ৰাষ্ট্ৰপতিৰ নহয়, আমেৰিকাৰ কংগ্ৰেছৰ।

ধাৰণা কৰা হৈছে যে আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ ফলত ট্ৰাম্প চৰকাৰে আমদানিকাৰাসকলক বিপুল পৰিমাণৰ ধন ঘূৰাই দিব লাগিব। উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানে নিঃসন্দেহে জটিলতা বৃদ্ধি কৰিছে। বিশেষকৈ আমেৰিকাৰ বাণিজ্যিক চুক্তিসমূহত।

ট্ৰাম্পৰ সৈতে কাৰ্যতঃ দৰদাম কৰি ভাৰতৰ দৰে যিসকলে চুক্তিত স্বাক্ষৰ কৰিছে তেওঁলোক লাভৱান হ’বনে? ডাঙৰ প্ৰশ্নটো হ’ল ৰাষ্ট্ৰপতি ট্ৰাম্পৰ একনায়কত্ববাদী আৰু আগ্ৰাসী মনোভাৱে উচ্চতম ন্যায়ালয়ৰ ৰায়ক সহজেই মানি ল’ব নে পুনৰ সংবিধান সংশোধন কৰি ৰাষ্ট্ৰপতিৰ একমাত্ৰ ক্ষমতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব। যদিও এতিয়ালৈকে ড’নাল্ড ট্ৰাম্প বা হোৱাইট হাউছৰ পৰা কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই।