NORTHEAST NOW (Assamese)
Popular Stories

হাইড্ৰ’ক্সিক্লৰ’কুইনৰ প্ৰতিদান; আমেৰিকাই ভাৰতলৈ সাহায্য হিচাপে আগবঢ়াব ভেণ্টিলেটৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 16, 2020 8:43 am
modi_trump55_1566439211_1586236906_618x347 new

ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতলৈ সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছে আমেৰিকা যুক্তৰাষ্ট্ৰই।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ১৬ মে’ত টুইটাৰ যোগে ভাৰতলৈ ভেণ্টিলেটৰ সাহায্য হিচাপে আগবঢ়াব বুলি ঘোষণা কৰে।

‘‘মই ঘোষণা কৰিবলৈ পাই গোৰৱান্বিত যে আমেৰিকা যুক্তৰাষ্ট্ৰই বন্ধু ৰাষ্ট্ৰ ভাৰতলৈ ভেণ্টিলেটৰ সাহায্য হিচাপে আগবঢ়াব। এই মহামাৰীৰ সময়ত আমি ভাৰত আৰু নৰেন্দ্ৰ মোদীৰ সৈতে একেলগে থিয় হৈছো। আমি একেলগে ভেকচিনৰ বাবেও কাম কৰি আছো আৰু একেলগে আমি অদৃশ্য শত্ৰুক পৰাভূত কৰিম,’’ ৰাষ্ট্ৰপতি ট্ৰাম্পে টুইটাৰত এনেদৰে লিখে।

শুকুৰবাৰে ভাৰতত ক’ৰ’নাত আক্ৰান্ত লোকৰ সংখ্যাই চীনক অতিক্ৰম কৰে।

ভাৰতত শুকুৰবাৰে ক’ৰ’নাত আক্ৰান্ত সংখ্যাই ৮৩,০০০ অতিক্ৰম কৰাৰ লগতে ক’ৰ’না সংক্ৰমণৰ ফলত ২৬৪৯ গৰাকী লোকৰ মৃত্যু হয়।

আনহাতে, ভাৰতত এই পৰ্যন্ত ২৬৪৯ গৰাকী লোকৰ ক’ৰ’নাৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

তদুপৰি, দেশত মুঠ ২৮,০০০ অধিক লোক ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সম্পুৰ্ণ ৰূপে সুস্থ হৈ উঠিছে।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত ভাৰতে আমেৰিকাক হাইড্ৰ’ক্সিক্লৰ’কুইনেৰে সহায় কৰিছিল।

ভাৰতৰ সহায়ৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ এই সহায় আমেৰিকাই সদায় মনত ৰাখিব বুলি প্ৰতিশ্ৰুতি দিছিল।