NORTHEAST NOW (Assamese)
অসম

এইবাৰ ঋষিকেশত মাৰ্কিন মহিলা যোগ প্ৰশিক্ষকক বলাৎকাৰ কৰিলে স্থানীয় যুৱকে,অভিযুক্ত পলাতক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 9, 2020 5:16 pm
a rape

হাথৰাছৰ লগতে দেশৰ বিভিন্ন প্ৰান্ত প্ৰতিদিনেই বহু মহিলা-যুৱতীক বলাৎকাৰ কৰাৰ ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ মাজতে এইবাৰ পূণ্যভূমি ঋষিকেশত এগৰাকী ৩৭ বছৰীয়া মাৰ্কিন মহিলাক এজন স্থানীয় যুৱকে বলাৎকাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে।

ঋষিকেশত যোগ আৰু ব্যায়ামৰ প্রশিক্ষক হিচাবে থকা মাৰ্কিন মহিলা গৰাকীক স্থানীয় যুৱক এজনে মহিলা গৰাকীয়ে বাস কৰা ঘৰৰ বেলকনি পাৰ হৈ কোঠাত প্ৰৱেশ কৰি বলাৎকাৰ কৰাৰ অভিযোগ উঠিছে।

মাৰ্কিন মহিলা গৰাকীয়ে ঋষিকেশৰ মুনি কে ৰেতে থানাত দাখিল কৰা এজাহাৰত কোৱা হৈছে যে ৫ অক্টোৱৰৰ দিনাই ঋষিকেশৰ স্থানীয় যুৱক অভিনৱ ৰায়ে তেওঁক বলাৎকাৰ কৰে।

এই বিষয়ে কাকো একো নজনাবলৈ যুৱক জনৰ লগতে যুৱক জনৰ পৰিয়ালে তেওঁৰ ওপৰত হেঁচা প্ৰয়োগ কৰি অহা বুলিও মাৰ্কিন মহিলা গৰাকীয়ে প্ৰকাশ কৰিছে।

ইপিনে ঘটনা সংঘটিত কৰিয়েই অভিযুক্ত যুৱক জনে পলায়ন কৰা বুলি ঋষিকেশৰ আৰক্ষী বিষয়া আৰ কে চাকলানিয়ে প্ৰকাশ কৰিছে।

আৰক্ষী বিষয়া গৰাকীয়ে প্ৰকাশ কৰা অনুসৰি মাৰ্কিন মহিলা যোগ প্ৰশিক্ষক গৰাকীয়ে ড্ৰাগছ গ্ৰহণ কৰিছিল আৰু তেওঁক ড্ৰাগছ যোগান ধৰাৰ ক্ষেত্ৰত অভিযুক্ত যুৱক জনে সহায় কৰিছিল।

যুৱক জনে ইয়াৰ পূৰ্বেও মাৰ্কিন মহিলা গৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল বুলি আৰক্ষী বিষয়া গৰাকীয়ে প্ৰকাশ কৰে।