NORTHEAST NOW (Assamese)
Popular Stories

পৰস্ত্ৰীলৈ চকু কিয়! খঙতে ৰেবিজৰ বেজীৰে প্ৰেমিকৰ চকু ফুটালে মহিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 29, 2023 8:02 pm
Woman Stabs Boyfriend In Eye

পৰস্ত্ৰীলৈ চকু দিয়াৰ বাবেই প্ৰেমিকাৰ ভয়ানক আক্ৰমণৰ সন্মুখীন হৈছে এজন যুৱক। যুৱকজনে আন এগৰাকী মহিলাৰ ফালে দৃষ্টি নিক্ষেপ কৰাৰ বাবেই মহিলাগৰাকীয়ে ৰেজিজৰ বেজীৰে চকুত আঘাত কৰিছে মহিলাগৰাকীয়ে।

এই ঘটনা সংঘটিত হৈছে আমেৰিকাৰ ফ্ল’ৰিডাত। প্ৰকাশিত খবৰ অনুসৰি, আক্ৰমণৰ বলি হোৱা লোকজনে ঘৰৰ কুকুৰকেইটাৰ বাবে আনিছিল দুটা ৰেবিজৰ বেজী। কিন্তু পথত আন মহিলালৈ দৃষ্টি দিয়াৰ বাবে তেওঁৰ ওপৰত খৰ্গহস্ত হৈ পৰে প্ৰেয়সী।

ইয়াৰে পৰিণতিত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। চোফা এখনত পৰি থকা অৱস্থাতে মহিলাগৰাকী ৰেবিজ বেজী দুটা লৈ তেওঁৰ ওপৰত জপিয়াই পৰে আৰু সোঁ চকুৰ পতাত বেজীৰে বিন্ধি দিয়ে বুলি অভিযোগ কৰে যুৱকজনে।

ইয়াৰ পিছতে মহিলাগৰাকীয়ে পলায়ন কৰে। ইফালে আঘাত লৈয়ে যুৱকজনে আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে তৎকালীন অভিযান চলাই কেইঘণ্টামানৰ পিছতে বাসগৃহৰ বাহিৰত এখন গাড়ীত শুই থকা অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকীক।

ৰেবিজৰ বেজীৰে প্ৰেমিকক আক্ৰমণ কৰাৰ অভিযোগত আৰক্ষীয়ে ছেণ্ড্ৰা জিমেনেজ নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। ইফালে আঘাতপ্ৰাপ্ত যুৱকজনক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

অৱশ্যে গ্ৰেপ্তাৰ হোৱা জিমেনেজে নিজৰ দোষ স্বীকাৰ কৰা নাই আৰু যুৱকজনে নিজেই আঘাত কৰা বুলিহে দাবী কৰ। আৰক্ষীয়ে দুয়োগৰাকী ৮ বছৰ ধৰি সম্পৰ্কত আছিল বুলি প্ৰকাশ কৰিছে আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।