NORTHEAST NOW (Assamese)

উইঘুৰ মুছলমানৰ ওপৰত নিৰ্যাতন; আমেৰিকাত নিষিদ্ধ কৰা হ’ল চীনৰ বিলাহী আৰু কপাঁহ

January 14, 2021 5:29 pm · এন ই নাও নিউজ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ আবকাৰী আৰু সীমান্ত সুৰক্ষা (চিবিপি)য়ে চীনৰ ঝিনঝিয়াং প্ৰদেশৰ পৰা বিলাহীৰ সামগ্ৰী আৰু কপাঁহ আমদানিত নিষেধাজ্ঞা আৰোপ কৰিছে।

মূলত বন্দী কৰি ৰখা উইঘুৰ মুছলমান আৰু বলপূৰ্বকভাৱে শ্ৰমিক সকলক কাম কৰোৱাৰ অভিযোগ উত্থাপন কৰিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভাগটোৱে চীনৰ ঝিনঝিয়াং প্ৰদেশৰ পৰা কপাঁহ আৰু বিলাহীৰ সামগ্ৰী আমদানি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

‘‘আমেৰিকা যুক্তৰাষ্ট্ৰলৈ সামগ্ৰী ৰপ্তানিৰ ক্ষেত্ৰত চীনা চৰকাৰে আধুনিক দাসত্ব আৰু শোষণ চলোৱা কাৰ্য্যক চি বি পিয়ে কেতিয়াও সহ্য নকৰে,’’ চি বি পিৰ তৰফৰ পৰা এইদৰে কয়।

এই নিষেধাজ্ঞা আমেৰিকাৰ সকলো বন্দৰতে প্ৰযোজ্য হ’ব।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰই চীনৰ ঝিনঝিয়াং প্ৰদেশত উইঘুৰ মুছলমান সম্প্ৰদায়ৰ ওপৰত চলাই অহা নিৰ্যাতনৰ দীৰ্ঘদিনৰ পৰা বিৰোধিতা কৰি আহিছে।

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কাৰ্য্যকালত এই বিৰোধিতাই চৰম ৰূপ লাভ কৰাৰ লগতে চীনৰ সৈতে বাণিজ্যিক আৰু কূটনৈতিক সম্পৰ্কৰো অৱনতি ঘটিছিল।

Related News