NORTHEAST NOW (Assamese)
শীর্ষ সংবাদ

মহাকুম্ভৰ পূণ্যস্নান কৰিলে উত্তৰ প্ৰদেশৰ কয়দীয়ে : সংগমৰ পৰা অনা পানীৰে গা ধুলে কাৰাগাৰত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 22, 2025 7:35 am

উত্তৰ প্ৰদেশৰ কাৰাগাৰ প্ৰশাসনে ৭৫খন কাৰাগাৰত থকা কয়দীসকলৰ বাবে মহাকুম্ভৰ সংগমস্থলীৰ পৰা পানী অনাৰ ব্যৱস্থা কৰিছে।

এই পদক্ষেপ সম্পৰ্কে উত্তৰ প্ৰদেশৰ কাৰাগাৰ মন্ত্ৰী দাৰা সিং চৌহানে কয, “বিশ্বৰ সকলো মানুহ সংগমলৈ যাব পাৰে, কিন্তু আমাৰ বন্দীসকলে নোৱাৰে। গতিকে আমি কাৰাগাৰত থকা বন্দীসকলৰ বাবে সংগমৰ পবিত্ৰ পানী আনি স্নানৰ ব্যৱস্থা কৰিছোঁ।”

কাৰাগাৰ বিভাগৰ বিষয়াসকলৰ মতে, বৰ্তমান ৭৫খন কেন্দ্রীয় কাৰাগাৰত ধৰি ৯০ হাজাৰৰো অধিক কয়দী বন্দী হৈ আছে।

কাৰাগাৰৰ সঞ্চালকে জনোৱা মতে, বন্দীসকলে ত্ৰিবেণী সংগমৰ পবিত্ৰ পানীত গা ধুই প্ৰাৰ্থনা কৰিছিল। সংগমৰ পৰা অনা পানী সাধাৰণ পানীৰ লগত মিহলাই জেলত সৰু সৰু টেংকিত ৰখা হৈছে। বন্দীসকলে আধ্যাত্মিক ক্ষুধা নিবাৰণৰ বাবে সেই পানীত গা ধুইছে।