NORTHEAST NOW (Assamese)
Popular Stories

স্বাধীন ভাৰতত প্ৰথমগৰাকী মহিলা কয়দী ওলমিব ফাঁচীকাঠত! : মথুৰা কাৰাগাৰত প্ৰস্তুতি আৰম্ভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2021 7:09 pm
2021_2image_11_18_071436219a-ll

স্বাধীন ভাৰতত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলা কয়দীয়ে ফাঁচিকাঠত ওলমিব পাৰে। ইয়াৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে উত্তৰ প্ৰদেশৰ শবনম নামৰ এগৰাকী মহিলাই প্ৰেমিক ছেলিমৰ সহযোগত পিতৃ-মাতৃসহ নিজ পৰিয়ালৰে সাতগৰাকীকৈ লোকক হত্যা কৰাৰ অভিযোগ উঠিছিল।

প্ৰেমিকৰ সহযোগত মহিলাগৰাকীয়ে ২০০৮ চনৰ এপ্ৰিলত নিজৰ পিতৃ-মাতৃসহ নিজৰ পৰিয়ালৰে সাতগৰাকী লোকক হত্যা কৰিছিল বুলি আদালতত প্ৰমাণ হোৱাৰ পিছতে ২০১০ চনৰ ১৫ জুলাইত আমৰোহা আদালতৰ ন্যায়াধীশ এ এ হুছেইনীয়ে প্ৰেমিকসহ মহিলাগৰাকীক ফাঁচিৰ ৰায়দান দিছিল।

ইতিমধ্যে এই নিৰ্দেশে দহ বছৰ অতিক্ৰম কৰিছে।

আনহাতে মহিলাগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল যদিও যোৱা বৰ্ষৰ জানুৱাৰি মাহত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়কে বাহাল ৰাখিছিল। ইফালে ৰাষ্ট্ৰপতিয়েও মহিলাগৰাকীৰ ক্ষমাদান প্ৰাৰ্থনা খাৰিজ কৰে।

ইয়াৰ পিছতে মহিলাগৰাকীৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাতো একপ্ৰকাৰৰ নিশ্চিত হৈ পৰে। ইতিমধ্যে মহিলাগৰাকীৰ মৃত্যুদণ্ড কাৰ্যকৰী কৰাৰ বাবে মথুৰাৰ কাৰাগাৰত প্ৰস্তুতি আৰম্ভ কৰা হৈছে।

অৱশ্যে কেতিয়া মহিলাগৰাকীৰ ফাঁচি কাৰ্যকৰী কৰা হ’ব সেয়া এতিয়াও সিদ্ধান্ত লোৱা হোৱা নাই।

উল্লেখ্য যে মথুৰা কাৰাগাৰৰ মহিলা ফাঁচীশালটো ১৫০ বছৰ পূৰ্বে ব্ৰিটিছে নিৰ্মাণ কৰিছিল। কিন্তু স্বাধীনতা পৰৱৰ্তী সময়ত তাত কোনো কয়দীকে ফাঁচী দিয়া হোৱা নাছিল।

স্মৰ্তব্য যে ১৯৯৮ চনৰ ৬ এপ্ৰিলত লক্ষ্মৌৰ এগৰাকী মহিলাক আদালতে মৃত্যুদণ্ডৰ নিৰ্দেশ দিছিল যদিও পৰৱৰ্তী সময়ত তেওঁৰ মৃত্যুদণ্ডৰ শাস্তিক যাৱজ্জীৱন কাৰাদণ্ডলৈ ৰূপান্তৰ কৰা হৈছিল।