NORTHEAST NOW (Assamese)
Popular Stories

উত্তৰাখণ্ডৰ মহাপ্ৰলয় : ৩২ টা মৃতদেহ উদ্ধাৰ, ২০৬ জন লোক নিখোজ; ধ্বংস তপোধন জলবিদ্যুৎ প্ৰকল্প

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2021 3:56 pm
uttarakhand-2

উত্তৰাখণ্ডৰ হিমবাহ বিস্ফোৰণ ফলত সৃষ্টি হোৱা মহাপ্ৰলয়ত মৃত্যু হোৱা লোকৰ সংখ্যা ৩২ জনলৈ বৃদ্ধি পাইছে।

আনহাতে আজি তৃতীয় দিনৰ পিছতো এই মহাপ্ৰলয়ৰ ফলত নিখোজ হৈ আছে ২০৬ জন লোক। এই তথ্য সদৰী কৰিছে উত্তৰাখণ্ডৰ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগৰ এক সূত্ৰই।

ইণ্ড-তিব্বেটিয়ান সেনা, দুৰ্যোগ প্ৰশমন বাহিনী, এছডিআৰএফ আৰু অন্যান্য এজেঞ্চিসমূহে একগোট হৈ বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ইফালে বিস্ফোৰিত হিমবাহৰ ধলে উতুৱাই অনা পাহাৰৰ বালি আৰু শিলে চামোলি জিলাৰ টাৰ্ণেলৰ পথ বন্ধ কৰি পেলোৱা ফলত উদ্ধাৰ অভিযান অধিক কঠিন হৈ পৰা বুলি জানিব পৰা গৈছে।

এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি টাৰ্নেলৰ ১২০ মিটাৰ ভিতৰলৈকে উদ্ধাৰকাৰীৰ দল সোমাই উদ্ধাৰ অভিযান চলাই আছে।

সূত্ৰটোৰ মতে টাৰ্ণেলৰ ভিতৰত অক্সিজেনৰ পৰিমাণো যথেষ্ট কমি আহিছে।

চামোলি জিলাৰ ২.৫ কিলোমিটাৰ এই টাৰ্ণেলটো শিল আৰু বালি তৰপে বন্ধ কৰি দিয়াৰ ফলত জিলাখনৰ ১৩ খন গাঁও বৰ্হিবিশ্বৰেৰে সংযোগ বিচ্ছিন্ন হৈ পৰিছে। যাৰ ফলত অঞ্চলটোলৈ নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে ঔষধ আদিৰ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাতে পূৰ্বে প্ৰকাশ কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক্ৰমাগত পৰিস্থিতিৰ খবৰ লৈ থকাৰ লগতে সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে।

এই মহাপ্ৰলয়ত ৩ হাজাৰ কোটি টকাৰে নিৰ্মিত উত্তৰাখণ্ডৰ তপোধন জলবিদ্যুৎ প্ৰকল্প সম্পূৰ্ণৰূপে ধ্বংস হৈছে বুলি জানিব পৰা গৈছে।