NORTHEAST NOW (Assamese)
Popular Stories

১০ বছৰত তিনিবাৰ বিয়া, ‘উপাৰ্জন’ ১.২৫ কোটি! অৱশেষত জালত পৰিল উত্তৰাখণ্ডৰ ‘ছলনাময়ী’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 23, 2024 2:15 pm

এজনৰ পিছত আন এজনৰ সৈতে বিয়া। তাৰ পিছত বিবাহ বিচ্ছেদ বিচাৰি ভৰণ-পোষণৰ নামত মোটা অংকৰ টকা উলিয়াই লোৱা! সেইটোৱেই আছিল সীমাৰ ‘ৱৰ্ক প্ৰফাইল’। নাই, এয়া সোণম কাপুৰ অভিনীত ‘ডলী কি ডোলী’ৰ কাহিনী নহয়। এয়া  একেবাৰে এক সঁচা কাহিনী।

উত্তৰাখণ্ডৰ বাসিন্দা সীমা ওৰফে নিকিয়ে ২০১৩ চনত প্ৰথমবাৰৰ বাবে আগ্ৰাৰ এজন ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কেইমাহমানৰ পিছত শহুৰেকৰ ঘৰৰ বিৰুদ্ধে গোচৰ তৰি ক্ষতিপূৰণ হিচাপে ৭৫ লাখ টকা পালে!

সেইটোৱেই আৰম্ভণি। তাৰ পিছত সীমাই একাধিকবাৰ বিয়াত বহি এনেদৰে টকা লুটিলে। ১০ বছৰতকৈও অধিক সময় এই প্ৰৱঞ্চনা সংঘটিত কৰাৰ পিছত অৱশেষত আৰক্ষীয়ে এই  ‘ছলনাময়ী’ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে ২০১৩ চনৰ পিছত ২০১৭ চনত গুৰুগ্ৰামৰ এজন চফটৱেৰ ইঞ্জিনিয়াৰক বিয়া কৰাইছিল সীমাই। একেদৰে তেওঁৰ বিৰুদ্ধেও বিবাহ বিচ্ছেদৰ গোচৰ ৰুজু কৰি ভৰণ-পোষণৰ বাবদ ১০ লাখ টকা লৈছিল।

শেহতীয়াকৈ ২০২৩ চনত জয়পুৰৰ এজন ব্যৱসায়ীক বিয়া কৰাইছিল নিকিয়ে। কিন্তু এইবাৰ আৰু কোনো গোচৰ নহয়, সীমাই চুৰি কৰিলে শহুৰেকৰ ঘৰত। বিয়াৰ কেইসপ্তাহমান পিছতে সোণৰ গহনা আৰু ৩৬ লাখ টকা নগদ ধন লৈ পলাই যায় সীমা। থানাত তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ পিছতে ওৰহীৰ ওৰ বিচাৰি পালে আৰক্ষীয়ে।

সীমাক সোধা-পোছা কৰাৰ অন্তত আৰক্ষীয়ে জানিব পাৰিলে যে আগতে বিভিন্ন মেট্ৰিম’নিয়েল চাইট চাই সীমাই নিজৰ ‘টাৰ্গেট’ বাছি লৈছিল। বিবাহ বিচ্ছেদ ঘটা বা পত্নীৰ মৃত্যু হোৱা, কেৱল তেনে পুৰুষৰ সৈতেহে সম্পৰ্ক স্থাপন কৰিছিল সীমাই। তাৰপিছত তেওঁলোকক ছলনা কৰি বিয়া কৰাইছিল আৰু কিছুদিনৰ পাছত নানা অজুহাতত স্বামী আৰু শহুৰেকৰ ঘৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে বা বিবাহ বিচ্ছেদ বিচাৰি টকা বিচাৰে।

দেশৰ বিভিন্ন ৰাজ্যত তিনিবাৰকৈ বিয়া কৰি সীমাই মুঠ ১.২৫ কোটি টকা ‘উপাৰ্জন’ কৰিছে। এতিয়া এই গোচৰত তেওঁৰ লগত আন কোনো জড়িত আছে নেকি সেই কথা জানিবলৈ চেষ্টা কৰিছে আৰক্ষীয়ে।