NORTHEAST NOW (Assamese)
Popular Stories

কোভিড১৯ত আক্ৰান্ত হৈছে উত্তৰাখণ্ডৰ পৰ্যটন মন্ত্ৰী সতপাল মহাৰাজৰ পত্নী অমৃতা ৰাৱাট

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 31, 2020 7:03 pm
Test--696x392

উত্তৰাখণ্ড ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী সতপাল মহাৰাজৰ পত্নীৰ শৰীৰত কোভিড১৯ পজিটিভ পোৱা গৈছে।

শনিবাৰে সন্ধিয়া এই কথা ঘোষণা কৰিছে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে।

ৰাজ্যখনৰ পৰ্যটন বিভাগৰ মন্ত্ৰী সতপাল মহাৰাজৰ পত্নী অমৃতা ৰাৱাটৰ শৰীৰত শনিবাৰে সন্ধিয়া কোভিড১৯ পজিটিভ পোৱা গৈছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ এক সূত্ৰই কয়।

অমৃতা ৰাৱাটক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰি চিকিৎসা সেৱা প্ৰদান কৰি থকা হৈছে।

অমৃতা ৰাৱাট ৰাজ্যখনৰ পূৰ্ব মুখ্যমন্ত্ৰী হৰিশ ৰাৱাট চৰকাৰৰ মন্ত্ৰী সভাৰ এগৰাকী মন্ত্ৰী আছিল।

ইতিমধ্যে মন্ত্ৰী পৰিয়ালটোৰ অন্যান্যসকলক আৱাসগৃহতে কোৱাৰেন্টাইন কৰা হৈছে।

যোৱা শুকুৰবাৰে মন্ত্ৰী মহাৰাজ কেবিনেট মিটিঙত উপস্থিত আছিল।

এতিয়ালৈকে উত্তৰাখণ্ডত ৭৪৯ গৰাকী লোক কোভিড১৯ত আক্ৰান্ত হৈছে।