NORTHEAST NOW (Assamese)
দেশ

উজবেকিস্তানত শিশুৰ মৃত্যুৰ অভিযোগ: ঔষধ নিৰ্মাতা মেৰিয়ান বায়’টেকৰ অনুজ্ঞাপত্ৰ বাতিল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 23, 2023 11:14 am
Uzbekistan Syrup Death Marion Biotech

নয়ডাস্থিত ঔষধ নিৰ্মাতা কোম্পানী মেৰিয়ান বায়’ টেকৰ দ্বাৰা নিৰ্মিত কফ চিৰাপ পান কৰাৰ ফলত উজবেকিস্তানত ১৮ টা শিশুৰ মৃত্যু হোৱা বুলি উত্থাপন হোৱা গুৰুতৰ অভিযোগ আৰু ইয়াৰ পিছত চলা দীৰ্ঘদিনিয়া তদন্তৰ অন্তত ঔষধ প্ৰতিষ্ঠানটোৰ উৎপাদন অনুজ্ঞাপত্ৰ বাতিল কৰিছে উত্তৰ প্ৰদেশ কৰ্তৃপক্ষই।

উজবেকিস্তান চৰকাৰে ভাৰতৰ মেৰিয়ান বায়’ টেকৰ দ্বাৰা নিৰ্মিত নিৰ্মিত কাহৰ চিৰাপ সেৱন কৰি দেশখনত ১৮ টা শিশুৰ মৃত্যু হৈছে বুলি দাবী কৰিছিল। মৃত্যু হোৱা ১৮ টা শিশুৱে ভাৰতত নিৰ্মিত কাহৰ চিৰাপ Doc-1 Max সেৱন কৰিছিল বুলি সদৰী কৰা হৈছিল।

পৰীক্ষাৰ পিছত এই নিৰ্দিষ্ট কফ চিৰাপটোত ইথাইল গ্লাইকলৰ উপস্থিতি পোৱা গৈছিল। ইয়াৰ পিছতে উজবেকিস্তান চৰকাৰে ভাৰতীয় কফ চিৰাপ গ্ৰহণৰ ক্ষেত্ৰত কিমান নিৰাপদ সেই সন্দৰ্ভত তদন্তৰ দাবী জনাইছিল।

যোৱা ডিচেম্বৰ মাহত সংঘটিত হোৱা এই কাণ্ডৰ পিছতে ভাৰতৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক ড্ৰাগছ কৰ্তৃপক্ষই বিষয়টোৰ তদন্ত আৰম্ভ কৰিছিল। কেন্দ্ৰৰ তথ্য অনুসৰি কেন্দ্ৰীয় ঔষধ মান নিয়ন্ত্ৰণ সংস্থা (CDSCO) আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ ড্ৰাগ নিয়ন্ত্ৰণ সংস্থাই যৌথভাৱে কোম্পানীটোৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছিল।

জানুৱাৰী মাহত চেণ্ট্ৰেল ড্ৰাগ ষ্টেণ্ডাৰ্ড কণ্ট্ৰল অৰ্গেনাইজেশ্যনৰ বিষয়াসকলে কোম্পানীটোৰ নয়ডাস্থিত কাৰখানা পৰিদৰ্শন কৰিছিল। ইয়াৰ পিছতে প্ৰতিষ্ঠানটোৰ উৎপাদন অনুজ্ঞাপত্ৰ নিলম্বিত কৰি ৰখা হৈছিল। এতিয়া ফাৰ্মখনৰ অনুজ্ঞাপত্ৰ উত্তৰ প্ৰদেশ ড্ৰাগছ কণ্ট্ৰ’লিং এণ্ড লাইচেন্সিং অথৰিটিয়ে বাতিল কৰিছে।

৩ মাৰ্চত নয়ডা আৰক্ষীয়ে মেৰিয়ান বায়’টেকৰ ছেক্টৰ ৬৭ ৰ কাৰ্যালয়ৰ পৰা তিনিগৰাকী কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে দুজন সঞ্চালকৰ বাবে লুকাউট জাননী জাৰি কৰা হৈছিল। মেৰিয়ান বায়’টেকৰ ঔষধৰ নমুনা বিকৃত আৰু উন্নত মানদণ্ডৰ নহয় বুলি তদন্তত ধৰা পৰা পিছতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল।

১২ জানুৱাৰীত বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰা ‘চিকিৎসা সামগ্ৰীৰ সতৰ্কবাণী’ত মেৰিয়ান বায়’টেক নিৰ্মিত এম্ব্ৰ’নল চিৰাপ আৰু Doc-1 Max চিৰাপৰ নাম অন্তৰ্ভুক্ত আছিল।