NORTHEAST NOW (Assamese)
অসম

ভি শান্তাৰামৰ ‘দ’ আঁখে বাৰ হাথ’ প্ৰদৰ্শিত হ’ব গুৱাহাটী প্ৰে’ছ ক্লাবত

Posted by: এন ই নাও নিউজ September 11, 2018 6:15 pm
ভি শান্তাৰামৰ ‘দ’ আঁখে বাৰ হাথ’ প্ৰদৰ্শিত হ’ব গুৱাহাটী প্ৰে’ছ ক্লাবত

গুৱাহাটী প্ৰে’ছ ক্লাবত অহা শুকুৰবাৰ ১৪ ছেপ্তেম্বৰত প্ৰদৰ্শিত হ’ব ভি শান্তাৰামৰ ক্লাছিক হিন্দী চিনে’মা ‘দ’ আখেঁ বাৰ হাথ’।

প্ৰে’ছ ক্লাবে আৰম্ভ কৰা সাপ্তাহিক চলচ্চিত্ৰ প্ৰদৰ্শনীৰ অংশ হিচাপে শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা চিনে’মাখন প্ৰদৰ্শিত হ’ব।

১৯৫৭ চনত নিৰ্মিত ভি শান্তাৰাম প্ৰযোজিত-পৰিচালিত এই চিনে’মাখনৰ সংগীত পৰিচালনা বসন্ত দেশাই, সম্পাদনা চিন্তামণি বৰকাৰ আৰু কাহিনী-চিত্ৰনাট্য-সংলাপ জিদি মাদগুলকৰৰ।

চিনে’মাখনৰ লতা মংগেশকৰে গোৱা ‘আয়ে মালিক তেৰে বন্দে হম’ গীতটিক হিন্দী চিনে’মাৰ চিৰসেউজ গীতৰূপে পৰিগণিত হৈ আহিছে।