NORTHEAST NOW (Assamese)
অসম

আই পি এলৰ মাজতে ১২ কোটিৰ প্ৰস্তাৱ! এইবাৰ ক্ৰিকেট বাণিজ্যত ধুমুহাৰ সৃষ্টি কৰিলে বৈভৱে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী May 30, 2026 8:42 am

ক্ৰিকেট এনে এক খেল য’ত ধনৰ লগত খ্যাতিও আহে। আৰু সেই খ্যাতি অনবদ্য প্ৰতিভাৰ জৰিয়তে লাভ হয়। যাৰ এক উজ্জ্বল উদাহৰণ হৈছে বিহাৰৰ ১৫ বছৰীয়া কিশোৰ বৈভৱ সূৰ্য্যবংশী। আই পি এলক জোকাৰি যোৱা এই যুৱ প্ৰতিভা এতিয়া ক্ৰিকেট জগতৰ অন্যতম চৰ্চিত নাম। আপুনি শুনি আচৰিত হ’ব যে তেওঁ ইতিমধ্যে বছৰি ১২ কোটি টকাৰ স্পনছৰশ্বিপৰ প্ৰস্তাৱ পাইছে।

এইবাৰৰ আই পি এলত উৎকৃষ্ট প্ৰদৰ্শনেৰে নিজৰ বেটৰ ‘বৈভৱ’ দেখুৱাইছে সূৰ্যবংশীয়ে। ২৪০তকৈ অধিক ষ্ট্ৰাইক ৰেটত বেটিং কৰি তেওঁ কেৱল প্ৰতিযোগিতাখনৰ সৰ্বাধিক ৰান কৰা খেলুৱৈ হিচাপেই নহয়, বহুতৰে প্ৰিয় ক্ৰিকেটাৰৰ ভিতৰতো অন্যতম। আন্তঃৰাষ্ট্ৰীয় শ্ৰেণীৰ বলাৰৰ বিৰুদ্ধে তেওঁৰ আগ্ৰাসী বেটিঙে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।

এই উত্থানৰ লগে লগে তেওঁৰ বজাৰ মূল্যও বৃদ্ধি পাইছে। ‘ক্ৰিকেট ব্লগাৰ’ৰ প্ৰতিবেদন অনুসৰি কিশোৰগৰাকীয়ে বৰ্তমান বেট স্পনছৰশ্বিপৰ পৰা বছৰি প্ৰায় ৫০ লাখ টকা উপাৰ্জন কৰি আছে। কিন্তু চুক্তিত যদি ইয়াতকৈ ভাল অফাৰ আহে তেন্তে ইয়াক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।

সূত্ৰ অনুসৰি বৰ্তমানৰ চুক্তিৰ ম্যাদ উকলি যোৱাৰ উপক্ৰম হৈছে। ইয়াৰ মাজতে দেশৰ কেইবাটাও বৃহৎ কৰ্পৰেট কোম্পানী বিশেষকৈ টায়াৰ নিৰ্মাতা কোম্পানীয়ে তেওঁক স্পনছৰ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। জানিব পৰা মতে, ইতিমধ্যে কেইবাটাও কোম্পানীয়ে তেওঁৰ পিছত বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিবলৈ সাজু হৈছে।

বিশেষজ্ঞসকলৰ মতে এই চুক্তি কাৰ্যকৰী হ’লে ক্ৰিকেটত স্পনছৰশ্বিপৰ পৰিসৰত এক বৃহৎ পৰিৱৰ্তন হ’ব পাৰে। সূত্ৰ অনুসৰি, “যদি ঋষভ পণ্টে এটা ফৰ্মেট খেলিও বছৰি ৮ কোটি টকা উপাৰ্জন কৰিব পাৰে, তেন্তে সূৰ্য্যবংশীৰ দৰে বেটছমেনৰ মূল্য যে আকাশলংঘী হ’ব, সেয়া  কোৱা বাহুল্য।”

কিন্তু বহুতে অনুভৱ কৰে যে ইমান সোনকালে এই মূল্যায়ন অলপ অতিৰঞ্জিত হ’ব পাৰে। যদিও প্ৰতিবেদনত স্পষ্ট, ইতিমধ্যে কেইবাটাও কোম্পানী এই যুৱ প্ৰতিভাক কেন্দ্ৰ কৰি বৃহৎ পৰিমাণৰ বিনিয়োগ কৰিবলৈ সাজু হৈছে। ক্ৰিকেট খেলপথাৰত বেটেৰে ধুমুহাৰ সৃষ্টি কৰাৰ উপৰিও বৈভৱে অতি কম সময়ৰ ভিতৰতে বাণিজ্যিক জগততো নিজৰ স্থান মজবুত কৰি গঢ়ি তুলিছে, এইদৰেই ভাবে ক্ৰিকেট মহলে।