NORTHEAST NOW (Assamese)

ড্ৰাইভিং লাইচেন্সকে ধৰি যান-বাহনৰ নথি-পত্ৰৰ ম্যাদ পুনৰ বৃদ্ধি

June 9, 2020 7:18 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ড্ৰাইভিং লাইচেন্সকে ধৰি যান-বাহনৰ বিভিন্ন নথি যেনে ফিটনেছ, পাৰ্মিট, পঞ্জীয়ন বা অন্যান্য সংশ্লিষ্ট নথিৰ ম্যাদ এই বছৰৰ ৩০ ছেপ্তেম্বৰলৈকে বঢ়াই দিয়া হৈছে।

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতীন গাডকাৰিয়ে মঙলবাৰে এই কথা ঘোষণা কৰিছে।

এই সন্দৰ্ভত মন্ত্ৰ্যালয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এক নিৰ্দেশনা জাৰি কৰিছে।

কৰ’নাভাইৰাছৰ বিৰুদ্ধে লকডাউনৰ মাজত এয়া দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰই যান-বাহনৰ নথিপত্ৰৰ ম্যাদ বৃদ্ধি কৰিছে।

মন্ত্ৰ্যালয়ে যোৱা ৩০ মাৰ্চত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ এই সন্দৰ্ভত পূৰ্বে এক চাৰ্কুলাৰ জাৰি কৰিছিল।

পূৰ্বে যানবাহনৰ নথিপত্ৰৰ ম্যাদ ৩০ জুনলৈকে বঢ়াই দিয়া হৈছিল।

১ ফেব্ৰুৱাৰিৰ পৰা ম্যাদ ওকলা সকলো নথিৰ বৈধতা ৩০ জুনলৈকে বঢ়াই দিয়া হৈছিল।

Related News