NORTHEAST NOW (Assamese)
Popular Stories

মা কালীৰ দৰ্শন পাবলৈ ধ্যানত বহিছিল বাৰাণসীৰ পুৰোহিত : কালীৰ দৰ্শন নাপায় ল’লে চৰম সিদ্ধান্ত

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 12, 2024 3:30 pm

বাৰাণসীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মা কালীৰ দৰ্শন লাভৰ বাবে ধ্যানত নামিছিল এগৰাকী কালীৰ সাধক। সম্পূৰ্ণ ২৪ ঘন্টা ধ্যানত বহাৰ পিছতো তেওঁ লাভ নকৰিলে মা কালীৰ দৰ্শন। যাৰ বাবে হতাশ হৈ আত্মহত্যাৰ পথ বাচি ল’লে পুৰোহিত গৰাকীয়ে।

আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত পুৰোহিতজনৰ নাম অমিত শৰ্মা। বাৰাণসীৰ গাইঘাট অঞ্চলত সাত বছৰ ভাড়াঘৰত বাস কৰিছিল অমিত শৰ্মাই। পেছাত তেওঁ কাশী বিশ্বনাথ মন্দিৰৰ পুৰোহিত আছিল। বাৰাণসী ভ্ৰমণলৈ অহা পৰ্যটকক তেওঁ ধৰ্মীয় ইতিহাসৰ কাহিনী কৈছিল।

জানিব পৰা মতে, শৰ্মাই মা কালীক লগ কৰিবলৈ শনিবাৰৰ পৰা ঘৰ বন্ধ কৰি ধ্যানত বহিছিল। জানিব পৰা মতে, ২৪ ঘন্টা ধৰি স্থানীয় ৰাইজে তেওঁৰ “মা কালি পেহাদাও” ধ্বনি শুনিবলৈ পাইছিল।

কিন্তু ২৪ ঘন্টাৰ পিছত কোনো শব্দ নুশুনাত স্থানীয় ৰাইজৰ সন্দেহ হ’ল আৰু স্থানীয় ৰাইজে আৰক্ষীত খবৰ দিলে। আৰক্ষীক খবৰ দিয়াৰ পিছতে তেওঁক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

জানিব পৰা মতে, মা কালীৰ ওচৰলৈ যাব বাবে তেওঁ নিজৰ ডিঙি কাটি আত্মহত্যা কৰে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।