NORTHEAST NOW (Assamese)

ধলাৰ গুলীচালনাৰ সৰ্বাত্মক নিন্দা; সংযম ৰক্ষা, দোষীৰ শাস্তিৰ দাবী সকলো দল-সংগঠনৰ

November 1, 2018 11:11 pm · এন ই নাও নিউজ
Updated: November 1, 2018 11:31 pm
পৰমানন্দ ৰাজবংশী। প্ৰতীকী ছবি।

তিনিচুকীয়াৰ ধলাত বৃহস্পতিবাৰে সন্ধিয়া অপ্ৰৰোচিত গুলীচালনাৰ ঘটনাৰ সৰ্বাত্মক নিন্দা, দোষীৰ শাস্তি দাবীৰ লগতে সকলোকে সংযম ৰক্ষাৰ আহ্বান জনাইছে অসমৰ সকলো দল-সংগঠনে।

অসম সাহিত্য সভা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, কংগ্ৰেছ, এ আই ইউ দি এফ, জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি, আমছু, সদৌ বি টি চি বেংগলি যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিক্ৰিয়া ইতিমধ্যে আমাৰ হাতত আহি পৰিছে।

এনে হত্যালীলাৰ পৰা বিৰত থাকিবলৈ সংশ্লিষ্ট পক্ষক সকীয়নি দি সকলোকে শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনাইছে সাহিত্য সভাৰ সভাপতি ৰাজবংশীয়ে।

প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰায়ো ঘটনাটোৰ গৰিহণা দিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ঘটনাৰ তীব্ৰ নিন্দা কৰি তৎকালে দোষীক কৰায়ত্ত কৰাৰ বাবে চৰকাৰক দাবী জনাইছে।

জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমায়ে ঘটনাটোৰ গৰিহণা দিয়াৰ লগতে সকলোকে সংযত হৈ থকাৰ বাবে পূৰ্বৰে পৰা সংগঠনটোৱে জনোৱা আহ্বান পুনৰ দোহাৰে।

বেংগলি যুৱ ছাত্ৰ পৰিষদে ঘটনাৰ দোষীক শাস্তি দিয়াৰ লগতে মৃতকৰ পৰিয়াললৈ ১০ লাখকৈ টকাৰ ক্ষতিপূৰণ দাবী কৰিছে।

নিৰীহৰ প্ৰাণেৰে কোনো সমস্যা সমাধান নহয় বুলি মন্তব্য কৰি এ আই ইউ দি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে সকলোকে শান্তি-সম্প্ৰীতি অটুট ৰাখিবলৈ আহ্বান জনাইছে।

Related News