NORTHEAST NOW (Assamese)
অসম

পৃথক বড়োলেণ্ডৰ দাবীত পুনৰ সৰৱ বি টি এ ডিৰ দল-সংগঠন

Posted by: ৰিনয় বসুমতাৰী Updated by: ৰিনয় বসুমতাৰী December 24, 2018 7:45 pm
Separate bodoland

ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি আজি বড়োলেণ্ডৰ কেইবাটাও দল-সংগঠনে পৃথক বড়োলেণ্ডৰ দাবীৰে পুনৰ উত্তাল কৰি তোলে কোকৰাঝাৰ। এবছু, এন ডি এফ বি (প্ৰগতিশীল) আৰু পিপলচ জয়ন্ট একশ্যন কমিটি ফৰ বড়োলেণ্ড মুভমেন্টৰৰ নেতৃত্বত চলা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক লোকে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়।

কোকৰাঝাৰৰ য়ু এন বি চিল্ড্ৰেন পাৰ্কত ৰাতিপুৱা ১০ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত কৰা তিনিঘণ্টীয়া ধৰ্না কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে বিভিন্ন দাবী উত্থাপন কৰাৰ লগতে পৃথক বড়োলেণ্ডৰ সমস্যাটো অতি শীঘ্ৰে সমাধান কৰিবলৈ চৰকাৰক দাবী জনায়।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে মূলতঃ পৃথক বড়োলেণ্ড ৰাজ্য গঠন, প্ৰস্তাৱিত বড়োলেণ্ডৰ বাহিৰত বসবাস কৰা বড়ো সকলৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰা তথা কাৰ্বি আংলং আৰু ডিমা হাচাওত বাস কৰা বড়োসকলক অনুসূচীত জনজাতি (পাৰ্বত্য) হিচাপে স্বীকৃতি প্ৰদানৰো দাবী উত্থাপন কৰে।

ইয়াৰ উপৰি প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰক মিথ্যাচাৰৰ দল বুলি আখ্যা দি কয় যে নিৰ্বাচনৰ সময়ত বিজেপিয়ে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত বড়োলেণ্ডৰ প্ৰসংগতো শীঘ্ৰে সমাধান কৰিম বুলি কৈছিল কিন্তু এই বিষয়ত চৰকাৰখনে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা দেখা পোৱা নাই সেয়ে আজি এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে।