NORTHEAST NOW (Assamese)
অসম

পথ নিৰ্মাণৰ দাবীত শিৱসাগৰৰ ৰংঘৰ চাৰিআলিত বিভিন্ন দল-সংগঠনৰ পথ অৱৰোধ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ May 3, 2019 2:20 pm
Road Blocked

বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰৰ ঐতিহাসিক দুৱৰণি আলি নতুনকৈ নিৰ্মাণৰ দাবীত আজি পুৱা বীৰ লাচিত সেনা, ঐক্য সেনাৰ লগতে কেইবাটাও সংগঠনৰ ভুক্তভোগী ৰাইজে ৰংঘৰ চাৰিআলিত দুঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে।

পথ অৱৰোধৰ ফলত প্ৰায় দুঘন্টাৰ বাবে শিৱসাগৰ নগৰলৈ অহা যোৱা কৰা পথটো বন্ধ হৈ পৰাত সৰু-ডাঙৰ গাড়ীৰ বৃহৎ শাৰী দেখিবলৈ পোৱা গ’ল।

পথটো নিৰ্মাণৰ দাবীত সংগঠন কেইটাই শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি অসমৰ গড়কপ্তানী মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উপায়ুক্তৰ হৈ স্মাৰক পত্ৰ গ্ৰহণ কৰে শিৱসাগৰ জিলাৰ দণ্ডাধীশ সম্প্ৰীতি গোস্বামীয়ে।

স্মাৰক পত্ৰৰ জৰিয়তে সংগঠন কেইটাই গড়কপ্তানী মন্ত্ৰীক উদ্দেশ্যি কয় যে, শিৱসাগৰ নগৰৰ সমীপৰ ৰংঘৰ চাৰিআলিৰ পূবদিশে বগীদ’ল পাঁচআলিলৈকে আৰু পশ্চিমে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী মুঠ ৯.৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঐতিহাসিক দুৱৰণি আলিৰ অৱস্থা সম্পূৰ্ণ বিধস্ত। এই পথটোৱেদি দৈনিক শ-শ সৰু-ডাঙৰ যান-বাহন চলাচল কৰাৰ লগতে মেটেকা আৰু আমগুৰি অঞ্চলত থকা অ’ এন জি চিৰ তৈল ক্ষেত্ৰসমূহলৈ সঘনাই গধুৰ যান-বাহন চলাচল কৰে সেয়ে অতি শীঘ্ৰে পথটো মেৰমতি কৰিব লাগে।

ইয়াৰ উপৰি এই পথটোৱেদি দৈনিক অহা যোৱা কৰা  শ-শ স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰী, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীৰ লগতে সাধাৰণ ৰাইজে জীয়াতু ভুগিব লগীয়া হৈছে। সৰ্বসাধাৰণ ৰাইজৰ এনে অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি অনতিপলমে পথটো যাতায়তৰ উপযোগী কৰি তোলাৰ লগতে পথটো পুনৰ নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ স্মাৰক পত্ৰৰ জৰিয়তে দাবী উত্থাপন কৰে।