NORTHEAST NOW (Assamese)
অসম

অখিল গগৈৰ মুক্তিৰ দাবীত শিৱসাগৰৰ চাৰিঙত জোঁৰ লৈ মানৱ শৃংখল

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ July 26, 2020 10:04 pm

দেওবাৰে সন্ধিয়া শিৱসাগৰ জিলাৰ চাৰিঙত অখিল গগৈৰ মুক্তিৰ দাবীত বিভিন্ন দল-সংগঠনে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।

হাতে হাতে জোঁৰ লৈ শতাধিক প্ৰতিবাদকাৰীয়ে অখিল গগৈক মুক্তি দিয়ক, অখিল গগৈক ন্যায় দিয়ক, অখিল গগৈক উন্নত চিকিৎসা প্ৰদান কৰক আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।

প্ৰতিবাদকাৰী সকলে চৰকাৰলৈ হুংকাৰ দি কয় যে যদি কাইলৈ অখিল গগৈৰ জামিন মঞ্জুৰ নকৰে তেনেহ’লে সকলো মহিলা, ৰাইজ একেলগ হৈ ৰাজপথত তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ কৰিব।

যি কোনো পৰিস্থিতিৰ বাবে সৰ্বানন্দ সোণোৱাল জগৰীয়া হ’ব বুলিও কয়।

আনহাতে অখিল গগৈৰ বিৰুদ্ধে আইনী যুঁজত অৱৰ্তীৰ্ণ হ’বলৈ নিয়াই দিল্লী আৰু বেংগালুৰুৰ পৰা অনা অধিবক্তাক কোৱাৰেন্টাইন কৰিবলৈও চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰে।

প্ৰতিবাদ স্থলীত ছাত্ৰ মুক্তিৰ সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকা, নাৰী মুক্তি সংগ্ৰাম সমিতিৰ বৃহত্তৰ চাৰিং আঞ্চলিক সমিতিৰ যুটীয়া সম্পাদিকা জিতুমণি গগৈ, বিউটি গগৈ, আৰু ৰীতা গগৈ, বিউটি নেওগ, গুনপ্ৰভা গগৈ, কৃষক মুক্তিৰ চিন্মই কুমাৰ নেওগ আদি উপস্থিত থাকে।