বজালীত চাঞ্চল্য: শাস্তি প্ৰদানৰ নামত ছাত্ৰীক কাণত ধৰি উঠ-বহ কৰোৱালে অধ্যাপিকাই
বিশ্ববিদ্যালয়ৰ এগৰাকী অধ্যপিকাই শাস্তি প্ৰদানৰ নামত এগৰাকী ২০ বছৰীয়া ছাত্ৰীক অসমৰ বজালী জিলাৰ পাঠশালৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ শ্ৰেণীকোঠাৰ বাৰাণ্ডাত কাণত ধৰি উঠা-বহা কৰিবলৈ দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে।
এই ঘটনাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
বিশ্ববিদ্যালয়খনৰ জয়শ্ৰী দাস নামৰ অধ্যাপিকাগৰাকীয়ে হোৱাটছএপ গ্ৰুপত তেওঁৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত ছাত্ৰীগৰাকীক কাণত ধৰি উঠা-বহা কৰিবলৈ বাধ্য কৰোৱায়।
জয়শ্ৰী দাসৰ সৈতে যোগাযোগ কৰাত তেওঁ কয় যে তেওঁ ছাত্ৰীগৰাকীক শাস্তি প্ৰদান কৰাটো সঁচা। ভিডিঅ’টোত থকা ছোৱালীজনী তেওঁৰেই ছাত্ৰী। অধ্যপিকাগৰাকীয়ে কয়—’পৰীক্ষাগৃহত কৰ্তব্য পালনৰ ক্ষেত্ৰত মই বহুত কঠোৰ আছিলোঁ। সেয়েহে ছাত্ৰীগৰাকীয়ে এটা হোৱাটছএপ গ্ৰুপত মোৰ আৰু মোৰ পৰিয়ালৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল। সেয়েহে মই তেওঁক শাস্তি বিহিছিলো’।
ঘটনাটোৱে বজালী অঞ্চলত ব্যাপক ক্ষোভৰ সৃষ্টি কৰিছে। বহু ব্যক্তি আৰু সংগঠনে অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
ঘটনাটোক তীব্ৰ গৰিহণা দি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে অধ্যাপিকা দাসৰ বিৰুদ্ধে তাৎক্ষণিকভাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। ছাত্ৰীগৰাকীয়ে কয় যে ঘটনাটোৱে তেওঁক মানসিকভাবে কষ্ট দিছে।
বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সোমবাৰে ঘটনাটোৰ তদন্ত আৰম্ভ কৰাৰ সম্ভাৱনা আছে।