NORTHEAST NOW (Assamese)
অসম

Vax for Vaccine ‘ভেক্স’ শব্দটোক ‘ৱৰ্ড অফ দ্য ইয়েৰ’ ঘোষণা অক্সফ’ৰ্ড ডিক্স’নাৰীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 2, 2021 2:17 pm
Vax in Oxford Dictionery

Vax for Vaccine অক্সফ’ৰ্ড ইৰাজী অভিধানৰ সংকলকসকলে ‘ভেক্স’ (Vax) শব্দটোক ‘ৱৰ্ড অফ দ্য ইয়েৰ’ (বছৰটোৰ শ্ৰেষ্ঠ শব্দ) হিচাপে ঘোষণা কৰিছে।

এই বছৰটোত কৰ’না ভাইৰাছ অতিমাৰীৰ প্ৰতিৰোধৰ ক্ষেত্ৰত ভেকচিন বা ভেক্স শব্দটো আটাইতকৈ বহুলভাৱে ব্যৱহাৰ হৈছে।

তদুপৰি, কৰ’না ভাইৰাছ সংক্ৰমণৰ পৰিস্থিতিত চলিত বছৰত ভেকচিনৰ দুটা ড’জ লোৱাৰ ক্ষেত্ৰত ‘ডাবল ভেক্সড’, ভেকচিন নোলোৱাৰ ক্ষেত্ৰত ‘আনভেক্সড’ আৰু ভেকচিন বিৰোধীৰ ক্ষেত্ৰত ‘এন্টি ভেক্সাৰ’ শব্দসমূহো ব্যাপকভাৱে ব্যৱহাৰ হয়।

অক্সফ’ৰ্ড ডিক্স’নাৰীৰ ছিনিয়ৰ এডিটৰ ফিউনা মেকফাৰ্ছনে কয় যে চলিত বছৰত ‘ভেক্স’ শব্দটো নিৰ্বাচন কৰাৰ স্পষ্ট কাৰণ আছে। গোটেই বছৰজুৰি এই শব্দটোৰ প্ৰভাৱ আছিল অধিক।

তেওঁ কয় যে অৱশ্যে ভেক্স শব্দটো নতুন শব্দ নহয়, বিগত শতিকাৰ আশীৰ দশকত শব্দটোৰ প্ৰথম উদ্ভাৱন হয়। আমাৰ মতে চলিত বছৰৰ পূৰ্বে এই শব্দটোৰ বৰ বেছি ব্যৱহাৰ হোৱা নাই।

ভেক্স শব্দটোৰ ক্ষেত্ৰত Vax আৰু Vaxx দুয়োটা বানানেই গ্ৰহণযোগ্য যদিও এটা এক্স লিখা বানানটোৱে সৰ্বাধিক ব্যৱহৃত হয়।