NORTHEAST NOW (Assamese)
Popular Stories

ফলৰ ৰসৰ সৈতে মূত্ৰ মিহলাই বিক্ৰী! বিক্ৰেতা দোকানখনৰ মালিকক গ্ৰেপ্তাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 14, 2024 11:04 am

ভিৰ বজাৰত ফলৰ ৰসৰ দোকান। গ্ৰাহকৰ ভিৰো যথেষ্ট। দোকানৰ পৰা ৰস সেৱন কৰাৰ পিছত একাংশ গ্ৰাহকৰ সন্দেহ হয়। অভিযোগ উত্থাপন হৈছে যে দোকানখনৰ মালিকে ফলৰ ৰসৰ সৈতে মানুহ প্ৰস্ৰাৱৰ মিহলি কৰি বিক্ৰী কৰি আছে। আৰক্ষীয়ে দোকানখনৰ ভিতৰৰ পৰা প্ৰস্ৰাৱ ভৰ্তি প্লাষ্টিকৰ জাৰ এটাও উদ্ধাৰ কৰে। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছে এই ঘটনা।

দোকানখনৰ মালিকক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ নাবালক পুত্ৰকো স্থানীয় থানাৰ আৰক্ষীয়ে আটক কৰে।

দোকানৰ পৰা ৰস খোৱাৰ পিছত বহুতে সন্দেহ প্ৰকাশ কৰে। এই সন্দৰ্ভত এজন ব্যক্তিয়ে আৰক্ষীক এজাহাৰ দাখিল কৰে। সেই অনুসৰি আৰক্ষী বিষয়াসকলে দোকানখনত তালাচী চলায়। তাতেই তেওঁলোকৰ চকু কপালত উঠে! দোকানখনৰ ভিতৰতে প্ৰস্ৰাৱ ভৰ্তি প্লাষ্টিকৰ জাৰ এটা উদ্ধাৰ কৰে আৰক্ষীয়ে। ইয়াৰ পিছতে দোকানৰ মালিকক গ্ৰেপ্তাৰ কৰা হয়। গ্ৰেপ্তাৰ হ’ল এজন নাবালক ল’ৰাও।

দোকানৰ মালিকজনক সোধা-পোছাৰ বাবে থানালৈ অনা হৈছিল যদিও কিয় প্ৰস্ৰাৱ সংগ্ৰহ কৰিছিল তাৰ স্পষ্ট উত্তৰ দিব পৰা নাই। ধৃত দোকানৰ মালিকৰ নাম আমিৰ বুলি জানিবলৈ দিয়ে এচিপি অংকুৰ ভাস্কৰে। তেওঁৰ নাবালক পুত্ৰকো গ্ৰেপ্তাৰ কৰা হয়। আইন অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।