NORTHEAST NOW (Assamese)
অসম

গান্ধী আশ্ৰম এৰি গুৱাহাটীত চিকিৎসাধীন পদ্মশ্ৰী নটৱৰ থক্কৰ

Posted by: এন ই নাও নিউজ September 23, 2018 10:58 pm
Natawar-Thakkar-750x375

ডেকা কালতে মহাৰাষ্ট্ৰৰ পৰা আহি নাগালেণ্ডকে নিজৰ ঘৰ কৰি লোৱা বৰ্ষীয়ান গান্ধীবাদী সমাজ কৰ্মী নটৱৰ থক্কৰক বয়সজনিত ৰোগৰ বাবে দেওবাৰে গুৱাহাটীৰ এপল’ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

নাগালেণ্ডত নটৱৰ ভাই নামেৰে জনাজাত ৮৬ বছৰীয়া থক্কৰক বৰ্তমান চিকিৎসালয়খনৰ আই চি য়ুত ৰখা হৈছে।

গান্ধীৰ আদৰ্শৰে অনুপ্ৰাণিত থক্কৰে মহাৰাষ্ট্ৰৰ পৰা ২৩ বছৰ বয়সতে আহি নাগালেণ্ডত সমাজসেৱাত নিজকে নিয়োগ কৰিছিল।

মোককচাঙৰ চুচুয়িমলাং গাঁৱত তেওঁ স্থাপন কৰা গান্ধী আশ্ৰম দৰ্শনৰ বাবে আজি দেশৰ লগতে বিদেশৰো বিভিন্ন লোক উপস্থিত হয়।

কাকা কালেলকাৰ, জয়প্ৰকাশ নাৰায়ণ, জৱাহৰলাল নেহৰুৰ পৰা আৰম্ভ কৰি মনমোহন সিঙলৈকে বিভিন্ন প্ৰভাৱশালী লোকৰ সৈতে থক্কৰৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।