NORTHEAST NOW (Assamese)
দেশ

বলিউদৰ প্ৰখ্যাত গায়ক তথা সংগীতজ্ঞ বাপ্পী লাহিড়ীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2022 9:14 am
Bappi Lahiri

ভাৰতীয় সংগীত জগতৰ বাবে আন এক দু:খবৰ। মঙ্গলবাৰে নিশা বংগৰ কিংবদন্তী গায়িকা সন্ধ্যা মুখাৰ্জীৰ মৃত্যুৰ পাছতে একে নিশাই মৃত্যু ঘটিছে বলিউদৰ আন এজন তাৰকা সংগীতজ্ঞৰ।

বলিউদৰ প্ৰবীণ গায়ক-সংগীতজ্ঞ বাপ্পী লাহিড়ীৰ কালি নিশা মুম্বাইৰ এখন চিকিৎসালয়ত মৃত্যু হয়। তেওঁৰ মৃত্যুৰ খবৰ চিকিৎসালয়ৰ চিকিৎসকে নিশ্চিত কৰিছে।

একাধিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা লাহিড়ীৰ জুহুৰ মুম্বাইৰ ক্ৰিটিকেয়াৰ চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ।

“লাহিড়ীক এমাহ পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু সোমবাৰে তেওঁক অব্যাহতি দিয়া হৈছিল। কিন্তু মঙলবাৰে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল তেওঁক চিকিৎসালয়লৈ অনা হৈছিল। তেওঁৰ একাধিক স্বাস্থ্যজনিত সমস্যা আছিল। মাজনিশাৰ অলপ আগতে অবস্ট্রাক্টিভ স্লিপ এপনিয়াৰ ফলত তেওঁৰ মৃত্যু হয়,” চিকিৎসালয়ৰ সঞ্চালক ডাঃ দীপক নামযোশীয়ে কয়।

বাপ্পী দা নামেৰে জনাজাত বাপ্পী লাহিড়ী সোণৰ প্ৰতি থকা আকৰ্ষণৰ বাবে বহুলভাৱে চৰ্চিত হৈছিল। অৱশ্যে তেওঁৰ হিট গানসমূহৰ বাবেও অনুৰাগীৰ মাজত জনাজাত আছিল।

বাপ্পী লাহিড়ীয়ে ডিস্কো ডান্সাৰ, হিম্মতৱালা, শৰাবী, এডভেঞ্চাৰছ অফ টাৰ্জান, ডান্স ডান্স, সত্যমেৱ জয়তে, কমাণ্ডো, আজি কে শ্বাহেনশ্বাহ, থানেদাৰ, নুম্বৰী আদমী আৰু শোলা ঔৰ শবনম আদি চলচ্চিত্ৰৰ বাবে গান ৰচনা কৰিছিল।

তেওঁ শেষবাৰৰ বাবে ২০২০ চনৰ বাঘী ৩ চলচ্চিত্ৰৰ বাবে ভাংকাছ নামৰ গানটো ৰচনা কৰিছিল।

যোৱা বছৰ সংগীতজ্ঞজনক ক’ভিড-19 ৰোগত আক্ৰান্ত হোৱাৰ পিছত মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

ছেপ্টেম্বৰ মাহত তেওঁৰ বেয়া স্বাস্থ্যৰ বিষয়ে প্ৰকাশ কৰা বাতৰি অস্বীকাৰ কৰি সংবাদ মাধ্যমৰ আগত লাহিড়ীয়ে কৈছিল “মই মোৰ কণ্ঠ স্বৰ হেৰুৱাইছো বুলি উল্লেখ কৰা বহুতো প্ৰতিবেদন দেখি মই আচৰিত হৈছোঁ। এইটো হাস্যকৰ আৰু মই সঁচাকৈয়ে অসন্তুষ্ট।”

জনপ্ৰিয় গায়ক তথা সংগীতজ্ঞজনৰ মৃত্যুত শোকত ভাগি পৰিছে তেওঁৰ অনুৰাগীমহল। সাংস্কৃতিক জগতৰ তাৰকা সকলে বাপ্পী লাহিড়ীৰ মৃত্যুত শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জনাইছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰ যোগে প্ৰসিদ্ধ শিল্পী গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।