NORTHEAST NOW (Assamese)
অসম

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Posted by: দীপক কুমাৰ পাঠক, তামুলপুৰ Updated by: দীপক কুমাৰ পাঠক, তামুলপুৰ June 30, 2022 9:50 pm

ৰাজস্থানৰ উদয়পুৰত কানহায়ালাল নামৰ হিন্দু যুৱকক নৃশংস ভাবে হত্যা কৰাৰ প্ৰতিবাদত আজি তামুলপুৰ জিলাৰ নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰংগ দলৰ তামুলপুৰ জিলা সমিতিয়ে এক প্ৰতিবাদী সমদল উলিয়ায়।

নাগ্ৰীজুলিৰ কুম্ভীঝাৰৰ পৰা নাগ্ৰীজুলি বজাৰলৈ উলিওৱা আজিৰ এই প্ৰতিবাদী সমদলত সংগঠনটোৰ অৰ্ধশতাধিক যুৱকে অংশগ্ৰহণ কৰে।

প্ৰতিবাদকাৰী সকলে হিন্দু হত্যা বন্ধ কৰক, বিশ্বহিন্দু পৰিষদ বজৰং দল জিন্দাবাদ, হিন্দু ঐক্য জিন্দাবাদ, জয় শ্ৰীৰাম, হত্যাকাৰীক ফাঁচী দিয়ক আদি শ্লোগান দি নাগ্ৰীজুলিৰ আকাশ- বতাহ উত্তাল কৰি তোলে।

অৱশ্যে নাগ্ৰীজুলি বজাৰত প্ৰৱেশ কৰাৰ লগে লগে আৰক্ষী প্ৰশাসনে প্ৰতিবাদী সমদলকাৰী দলটোক আগুৱাই যোৱাত বাধা প্ৰদান কৰে।

পিছত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ তামুলপুৰ জিলা সমিতিয়ে ৰাজস্থানত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ লগতে কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতিলৈ তামুলপুৰৰ দণ্ডাধীশৰ জৰিয়তে প্ৰেৰণ কৰে।

হিন্দু হত্যা বন্ধ নহলে হিন্দু যুৱকে হাতত অস্ত্ৰ তুলি লোৱাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে।