NORTHEAST NOW (Assamese)
অসম

উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু ক’ৰ’নাত আক্রান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 30, 2020 1:02 pm
Venkaiah-Naidu

দেশৰ উপ- ৰাষ্ট্রপতি এম ভেংকায়া নাইডু ক’ভিড-১৯ত আ্ৰান্ত হৈছে। উপ-ৰাষ্ট্রপতিৰ সচিবালয়ে টুইটযোগে এই কথা জনায়।

উল্লেখ্য যে উপ-ৰাষ্ট্ৰপতিৰ সচিবালয়ে জনোৱা অনুসৰি ভেংকায়া নাইডুৱে ২৯ ছেপ্তেম্বৰৰ পুৱা ক’ৰ’না টেষ্ট কৰিছিল। আৰু পিছত ৰিপ’ৰ্ট পজিটিভ আহে।

সচিবালয়ৰ তৰফৰ পৰা লগতে কয় যে ৭১ বছৰীয়া নাইডুৰ কোনো লক্ষণ দেখিবলৈ পোৱা হোৱা নাই আৰু তেওঁৰ স্বাস্থ্য বৰ্তমান ভালে আছে৷

ভেংকায়া নাইডুৰ ৰিপ’ৰ্ট পজিটিভ অহাত তেওঁৰ পত্নী ঊষা নাইডুৱেও ক’ৰ’নাৰ টেষ্ট কৰে। কিন্তু তেওঁৰ ৰিপ’ৰ্ট নিগেটিভ আহে।

উল্লেখ্য যে, অলপতে অন্ত পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশনত উপস্থিত আছিল ভেংকায়া নাইডু।

ইয়াৰ উপৰি ৭১ বছৰীয়া নাইডুৱে মঙলবাৰে এটা ৰাজহুৱা কাৰ্যসূচীতো অংশ লৈছিল।

উপ-ৰাষ্ট্ৰপতি গৰাকী ক’ৰ’নাত আক্ৰান্ত হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁৰ অনুৰাগী সকলে শীঘ্ৰে সুস্থ হৈ উঠাৰ কামনাৰে টুইট কৰে।

নাইডুৰ সুস্বাস্থ্য কামনা কৰি পঞ্জাৱৰ মুখ্য মন্ত্ৰী অমৰিন্দৰ সিঙেও এটা টুইট কৰে।