NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত বিধ্বংসী বানে উটুৱাই নিলে বিলাসী বাহন: চাওক ভাইৰেল ভিডিঅ’

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 24, 2022 8:35 pm
Arunachal flood

মুষলধাৰ বৰষুণৰ ফলত হোৱা আকস্মিক বানে অৰুণাচল প্ৰদেশৰ কিছু কিছু স্থানত বিধ্বংসী ৰূপ ধাৰণ কৰিছে। বান বিধ্বস্ত এনে এটা অঞ্চলৰ এক বিশেষ ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

অৰুণাচল টাইমছে টুইটাৰত শ্বেয়াৰ কৰা ভিডিঅ’টোত অৰুণাচল প্ৰদেশৰ নিম্ন সোৱনশিৰি জিলাত এখন স্ক’ৰপিঅ’ গাড়ী বানে তললৈ উটুৱাই নিয়া দেখিবলৈ পোৱা গৈছে।

অঞ্চলটোত ধাৰাবাহিকভাৱে হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত বানে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভাইৰেল হোৱা ভিডিঅ’টোত বানৰ কোবাল ঢৌৱে উটুৱাই নিব নোৱাৰাকৈ কেইজনমান লোকে পানীৰে উপচি থকা পথত নিজকে ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱা দেখিবলৈ পোৱা গৈছে।