NORTHEAST NOW (Assamese)
Popular Stories

ৰণবীৰ-ৰশ্মিকাৰ চুম্বনত শংকিত বিজয়; প্ৰেমিকাক হাতত ৰাখিবলৈ শীঘ্ৰে বিয়া পতাৰ সিদ্ধান্ত!

Posted by: এন ই নিউজ, গুৱাহাটী Updated by: এন ই নিউজ, গুৱাহাটী October 20, 2023 12:57 pm

‘এনিমেল’ ছবিখনত ৰশ্মিকা মন্দানা আৰু ৰণবীৰ কাপুৰক যথেষ্ট অন্তৰংগ অৱস্থাত দেখা গৈছে। দুয়োৰে মাজত প্ৰচুৰ চুম্বনৰ দৃশ্য আছে। আৰু সেয়া ৰশ্মিকাৰ চৰ্চিত প্ৰেমিক অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰো চকুত পৰিছে।  তাতেই শংকিত হৈ পৰিছে বিজয়।

সূত্ৰসমূহে জনোৱা মতে, এনিমেল ছবিখনত ৰশ্মিকা আৰু ৰণবীৰৰ চুম্বনৰ দৃশ্য দেখি বিজয় চিন্তিত হৈ পৰিছে। শুনা গৈছে যে তেওঁ সোনকালে ৰশ্মিকাক বিয়া কৰাব বিচাৰে। আৰু সেইবাবেই অভিনেতাগৰাকীয়ে দেখা কৰিলে ৰশ্মিকাৰ পিতৃ-মাতৃক।

ইয়াৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল এখন ছবি। য’ত দেখা গৈছে ৰশ্মিকা আৰু বিজয়ে একেলগে ডুবাইৰ ৰাজপথত খোজ কাঢ়িছে। কেৱল দুয়োৱে নহয়, ৰশ্মিকাই বিজয়ৰ পৰিয়ালকো লগ পাইছিল। দুয়োকে একেলগে দুপৰীয়া আৰু ৰাতিৰ আহাৰ গ্ৰহণ কৰা দেখা গৈছিল।

এনিমেল ছবিত ৰণবীৰ আৰু ৰশ্মিকা। ফটোঃ সংগ্ৰহীত।

শুনা গৈছে যে বিয়াৰ কথা ফাইনেল কৰিবলৈকে ৰশ্মিকাই ডুবাইলৈ উৰা মাৰিছিল। অৱশ্যে ৰশ্মিকা আৰু বিজয় দুয়ো এই সন্দৰ্ভত মুখ মেলিবলৈ অনিচ্ছুক।

দক্ষিণৰ চলচ্চিত্ৰ অভিনেত্ৰী ৰশ্মিকা মন্দানা এতিয়া ‘ৰাষ্ট্ৰীয় ক্ৰাছ’। ইফালে ‘পুষ্পা’ ছবিখনত তেওঁৰ ‘স্বামী স্বামী’ নৃত্য দেখি সমগ্ৰ দেশৰ পুৰুষৰ হৃদয়ত ধুমুহাৰ সৃষ্টি হৈছে। সেই ৰশ্মিকাই এতিয়া তেওঁৰ জীৱনৰ স্বামীক বিচাৰি পালে!

প্ৰেমিক বিজয়ৰ সৈতে ৰশ্মিকা। ফটোঃ সংগ্ৰহীত।

বাতৰি অনুসৰি ৰশ্মিকাই দক্ষিণৰ অভিনেতা বিজয় দেৱেৰাকোণ্ডাৰ সৈতে বিবাহপাশত আবদ্ধ হ’ব। বছৰৰ শেষত এই দক্ষিণৰ সুন্দৰী অভিনেত্ৰীগৰাকীক বিবাহ বন্ধনত আৱদ্ধ হোৱা দেখা যাব পাৰে।