NORTHEAST NOW (Assamese)
Popular Stories

নিশ্চিত বিজয়-ৰশ্মিকাৰ প্ৰণয়! ফেব্ৰুৱাৰীতে আহিব ভাল খবৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 8, 2024 8:38 pm
Vijay Deverakonda Rashmika Mandanna

দেশৰ চিনেমাজগতৰ বহুচৰ্চিত যুটী বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাৰ প্ৰেমৰ সম্পৰ্কক লৈ সময়ে সময়ে প্ৰকাশ পায় বহু গুজৱ। দুয়োৰে প্ৰেমৰ খবৰে প্ৰায়েই লাভ কৰে সংবাদ শিৰোনাম।

অৱশ্যে এই সন্দৰ্ভত ৰাজহুৱাভাৱে নিজৰ সম্পৰ্ক স্বীকাৰ কৰা নাই অভিনেতা দুগৰাকীয়ে। তাৰ মাজতে প্ৰকাশ পাইছে আন এটা খবৰ, শীঘ্ৰেই প্ৰেমৰ সম্পৰ্কক নিগাজী কৰিবলৈ আগবাঢ়িছে দুয়ো!

প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহতে বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাই দুয়োৰে এংগেজমেণ্ট সন্দৰ্ভত ঘোষণা কৰাৰ পৰিকল্পনা কৰিছে।

Vijay Deverakonda praises Rashmika Mandanna in 'Animal' teaser. Actress  reacts - India Today

অৱশ্যে এই বিষয়টো এইপৰ্যন্ত ৰশ্মিকা বা বিজয়, কোনো এগৰাকীয়েই মন্তব্য আগবঢ়োৱা নাই। গতিকে প্ৰতিবেদনৰ খবৰ কিমানদূৰ সত্য, সেয়া এতিয়ালৈকে নিৰূপণ কৰা সম্ভৱ হোৱা নাই।

উল্লেখ্য যে, দক্ষিণৰ এই দুই তাৰকাই যুটী হিচাপে ‘গীতা গোবিন্দম’ আৰু ‘ডিয়েৰ কমৰেড’ নামৰ দুখন ছবিত অভিনয় কৰিছিল। দুয়োখন ছবিতে তেওঁলোকৰ যুটীয়ে মুগ্ধ কৰিছিল অনুৰাগীক।

 

Rashmika-Vijay का वैलेंटाइन होगा स्पेशल, रिश्ते में बंधने वाला है कपल!

তাৰ পাছৰে পৰা বিজয় দেৱেৰাকোণ্ডা আৰু ৰশ্মিকা মান্দান্নাৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লোৱাৰ কথা বহুলভাৱে প্ৰকাশ পাইছে। বিশেষকৈ বিগত কিছুদিনমানৰ পৰা সামআজিক মাধ্যমত দুয়োৰে এংগেজমেণ্টৰ বাতৰিয়ে অধিক চৰ্চা লাভ কৰিছে।

লক্ষণীয়ভাৱে শেহতীয়াকৈ দুয়োকে একেলগে হায়দৰাবাদস্থিত বিজয়ৰ বাসগৃ্হত দীপাৱলী উদযাপন কৰা দেখিবলৈ পোৱা গৈছিল। দুয়োৰে অৱসৰ বিনোদনৰ ছবিক লৈয়ো চলিছিল সৰস আলোচনা।