NORTHEAST NOW (Assamese)

বৰ্ষীয়ান বিজেপি নেতা বিজয় কুমাৰ মালহোত্ৰাৰ দেহাৱসান

September 30, 2025 10:58 am · এন ই নাও নিউজ, গুৱাহাটী

বিজেপিৰ প্ৰবীণ নেতা বিজয় কুমাৰ মালহোত্ৰাৰ ৯৪ বছৰ বয়সত মঙলবাৰে, ৩০ ছেপ্টেম্বৰৰ পুৱা দেহাৱসান ঘটে।

যোৱা কেইদিনমানৰ পৰা মালহোত্ৰা এইমছত চিকিৎসাধীন হৈ আছিল।

দিল্লী বিজেপিৰ মুৰব্বী বীৰেন্দ্ৰ সচদেৱে এক বিবৃতিত কয় যে ‘গভীৰ দুখেৰে আমি জনাও যে ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ নেতা তথা দিল্লী বিজেপিৰ প্ৰথম সভাপতি অধ্যাপক বিজয় কুমাৰ মালহোত্ৰাৰ আজি পুৱা দেহাৱসান ঘটে।’

সচদেৱে কয়, ‘তেওঁৰ জীৱন আছিল সৰল আৰু জনসেৱাৰ প্ৰতি সমৰ্পিত। জনসংঘৰ দিনৰ পৰাই তেওঁ দিল্লীত সংঘৰ মতাদৰ্শক সম্প্ৰসাৰণৰ বাবে অক্লান্তভাৱে কাম কৰিছিল।’

তেওঁ লগতে কয় যে মালহোত্ৰাৰ জীৱন সদায় সকলো বিজেপি কৰ্মীৰ বাবে প্ৰেৰণাৰ উৎস হৈ আহিছে, আৰু হৈ থাকিব।

প্ৰসংগক্ৰমে, সোমবাৰে (২৯ ছেপ্টেম্বৰ, ২০২৫) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰা ডিডিইউ মাৰ্গত দিল্লী বিজেপিয়ে স্থায়ী কাৰ্যালয় লাভ কৰাৰ এদিন পাছতে মালহোত্ৰাৰ মৃত্যু হয়।

দিল্লীৰ পৰা পাঁচবাৰৰ সাংসদ আৰু দুবাৰৰ বিধায়ক হিচাপে মালহোত্ৰা দিল্লী বিজেপিৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি আছিল।

শোকসন্তপ্ত লোকসকলে শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে মালহোত্ৰাৰ নশ্বৰ দেহ পুৱা প্ৰায় ৮.৪৫ বজাত তেওঁৰ ২১ নং গুৰদ্বাৰ ৰাকাবগঞ্জ ৰোডৰ চৰকাৰী বাসগৃহলৈ অনা হব বুলি দলটোৱে জানিবলৈ দিয়ে।

Related News