NORTHEAST NOW (Assamese)

মানৱীয়তাৰ নিদৰ্শন: মেকুৰী পোৱালী উদ্ধাৰৰ বাবে শস্য চপোৱা বন্ধ কৰিলে গাঁওবাসীয়ে

November 11, 2021 2:13 pm · এন ই নাও নিউজ, গুৱাহাটী

সামাজিক মাধ্যমত ভাইৰেল এটি ভিডিঅ’ই চৰ্চা লাভ কৰিছে সমগ্ৰ দেশতে। এখন গাঁৱৰ বাসিন্দাৰ মানৱীয় আচৰণক ভূয়সী প্ৰশংসা কৰিছে সামাজিক মাধ্যমৰ ব্যৱহাৰকাৰীয়ে।

IFS বিষয়া পাৰবীন কাছৱানে টুইটাৰত শ্বেয়াৰ কৰা পাঁচটা জংঘল মেকুৰী পোৱালী উদ্ধাৰ অভিযানৰ ভিডিঅ’ই চৰ্চা লাভ কৰিছে ইণ্টাৰনেটত। ভিডিঅ’টোত দেখুওৱা হৈছে যে বন বিষয়াসকলে মেকুৰী পোৱালী কেইটা যাতে উদ্ধাৰ কৰিব পাৰে তাৰবাবে গাঁওবাসীয়ে কৃষিৰ শস্য চপোৱা বন্ধ কৰি ৰাখিছে। বনবিষয়া সকলে পোৱালি কেইটা উদ্ধাৰ কৰি মাতৃৰ সৈতে পুনৰ মিলিত কৰে।

“পাঁচোটা জংঘলৰ মেকুৰী পোৱালী ৰক্ষা পৰিছে। খেতিয়কসকলে এখন পথাৰত শস্য চপোৱাৰ সময়ত এই মেকুৰী পোৱালীকেইটা দেখা পোৱা গৈছিল।”

 

কাছৱানে উদ্ধাৰ অভিযানৰ এটা ভিডিঅ’ টুইটাৰত শ্বেয়াৰ কৰিছিল।তাৰ পিছতেই তেওঁ পোৱালী কেইটাক কেনেদৰে উদ্ধাৰ কৰা হৈছিল সেই দৃশ্যৰো এটা ভিডিঅ’ পোষ্ট কৰিছিল।

“পোৱালীকেইটা ইমান সৰু আছিল যে মাকৰ অবিহনে তেওঁলোক জীয়াই থাকিব নোৱাৰিলেহেঁতেন। গতিকে আমি তেওঁলোকক তেওঁলোকৰ মাকৰ সৈতে পুনৰ মিলিত কৰাৰ সিদ্ধান্ত লৈছিলো। য’ত পোৱালী কেইটা পোৱা গৈছিল সেই এলেকাটো ঘেৰাও কৰা হৈছিল আৰু গাওঁবাসীয়ে উদ্ধাৰ অভিযানৰ সময়ছোৱাত শস্য চপোৱা বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল।” তেওঁ এটা পোষ্টত লিখিছিল।

আন এটা পোষ্টত তেওঁ কেনেকৈ পোৱালীকেইটাৰ মাকে ৰাতি তাইৰ পোৱালীবোৰ কঢ়িয়াই নিবলৈ আহিছিল সেইয়া শ্বেয়াৰ কৰিছিল। তেওঁ ঘটনাটোৰ এখন ছবিও শ্বেয়াৰ কৰিছিল। তেওঁ টুইটত লিখিছিল, “মাকে কিছু সময় পলম কৰিছিল কিন্তু কেইঘণ্টামানৰ ভিতৰতে সকলো পোৱালীক অৰণ্যলৈ স্থানান্তৰিত কৰিছিল।”

মুখ্য টুইটটোৰ সৈতে শ্বেয়াৰ কৰা ভিডিঅ’টো বৰ্তমান মলৈকে ৬৩,০০০ ৰো অধিক দৰ্শকে প্ৰত্যক্ষ কৰিছে আৰু ভিডিঅ’টোক সমৰ্থনত বিভিন্ন মন্তব্য আগবঢ়াইছে।

Related News