NORTHEAST NOW (Assamese)
অসম

‘মোক ক্ষমা কৰা, কুস্তী, তোমাক বিদায়…!’ হৃদয় বিদাৰক পোষ্ট লিখি অৱসৰ ঘোষণা ৱিনেশ ফ’গাটৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 8, 2024 9:36 am

বুধবাৰে তেওঁৰ ওজন মাত্ৰ ১০০ গ্ৰাম বেছি হোৱাৰ বাবে অলিম্পিকৰ ফাইনেলৰ পৰা বাহিৰ হৈছিল। ইয়াৰ পিছতে বুধবাৰে নিশা ছেমি ফাইনেলত লাভ কৰা ৰূপৰ পদকটো অন্ততঃ লাভ কৰিবলৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতৰ কাষ চাপিছিল মল্লযুঁজাৰু ৱিনেশ ফ’গাটে। আজি বৃহস্পতিবাৰে ঘোষণা কৰা হ’ব ইয়াৰ ৰায়দান। সমগ্ৰ দেশে তালৈ অপেক্ষা কৰি আছে। অৱশ্যে সেই ৰায়দানৰ পূৰ্বে ৱিনেশে নিজৰ কেৰিয়াৰৰ ৰায় ঘোষণা কৰি দিলে। অৱগত কৰিলে অৱসৰ লোৱাৰ কথা।  এই যুঁজ যুঁজিবলৈ আৰু তেওঁৰ শক্তি নাই।

আজি পুৱা ৱিনেশে নিজৰ এক্স হেণ্ডেলত লিখিছে, ‘মা,কুস্তিৰ ওচৰত মই পৰাস্ত হ’লোঁ৷ মোক ক্ষমা কৰা। তোমাৰ সপোন, মোৰ সাহস – সকলো শেষ হৈ গ’ল। আৰু শক্তি বাকী নাই। বিদায়, কুস্তী। ২০০১-২০২৪ চন। তোমাৰ ওচৰত মই সদায় ঋণী হৈ থাকিম। মোক ক্ষমা কৰি দিবা।’

ৱিনেশে ইতিহাস ৰচনা কৰি মল্লযুঁজৰ ৫০ কেজি ফাইনেলত প্ৰৱেশ কৰে। তেওঁ আন এক ইতিহাস ৰচনাৰ পথত থিয় দিছিল। পেৰিছৰ পৰা ভিডিঅ’ কলযোগে মাকক কৈছিল যে তেওঁ স্বৰ্ণ জয় কৰি উভতি আহিব। কিন্তু চূড়ান্ত মেচখনৰ আগতেই অন্ধকাৰ নামি আহিল। দেখা যায় যে তেওঁৰ ওজন ৫০ কেজি ১০০ গ্ৰাম হৈছে। সেই ১০০ গ্ৰাম অতিৰিক্ত ওজনৰ বাবে তেওঁক নাকচ কৰা হৈছিল। ইয়াৰ পিছত তেওঁ সমগ্ৰ বিশ্বতে চৰ্চাৰ মাজলৈ আহিল। কোনোৱে কয় যে তেওঁ ষড়যন্ত্ৰৰ বলি, কোনোৱে কয় যে সেই অতিৰিক্ত ১০০ গ্ৰাম কমাব নোৱাৰাৰ বাবে ৱিনেশেই দোষী।

লগতে পঢ়কঃ২৭ বছৰৰ পাছত শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া ছিৰিজত পৰাজয়; বলিঙেৰে দৃষ্টি কাঢ়িলে ৰিয়ানে

অতিৰিক্ত ওজনৰ বাবে ইউনাইটেড ৱৰ্ল্ড ৰেছলিঙে জনোৱা মতে, তেওঁ ছেমি ফাইনেলত লাভ কৰা ৰূপৰ পদকটোও নাপাব, কাৰণ তেওঁক ৫০ কেজি শাখাৰ পৰা অযোগ্য ঘোষণা কৰা হৈছে। পিছত বুধবাৰে নিশা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া আদালতৰ দ্বাৰস্থ হয় ৱিনেশ। তেওঁক ৰূপৰ পদক দিবলৈ অনুৰোধ জনায়। আজি বৃহস্পতিবাৰে আদালতে তেওঁৰ গোচৰৰ ৰায় দিব।

ইফালে সাধাৰণতে ৫৩ কেজি শাখাত খেলা ৱিনেশ এইবাৰ ৫০লৈ নামি অহাৰ বাবে প্ৰতিখন মেচৰ আগত সেই অতিৰিক্ত ওজন কমোৱাৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হৈছে। আনকি শেষৰ ফাইনেলৰ পূৰ্বেও তেওঁ গোটেই ৰাতি নিজৰ ওজন ৫২ কেজিৰ পৰা হ্ৰাস কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল। কিন্তু ১.৯ কেজি কমোৱাৰ পিছতো শেষৰ ১০০ গ্ৰাম কমাব নোৱাৰিলে। কিন্তু খাদ্য-পানী নোখোৱাকৈ এই ওজন কমাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁ অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়।


এনে পৰিস্থিতিত ভাৰতেও অলিম্পিক কমিটীৰ ওচৰত আবেদন জনাইছিল, যাতে ৱিনেশক আৰু এটা সুযোগ দিয়া হয়। কিন্তু তাৰ পৰা কোৱা হয় যে নিয়ম সকলোৰে বাবে একে। নিয়মৰ বাহিৰলৈ যোৱাটো কাৰো বাবে সম্ভৱ নহয়।

এই চৰ্চাৰ মাজতে ৱিনেশে অৱসৰৰ কথা ঘোষণা কৰে। তেওঁৰ পোষ্টটো দেখাৰ পিছত গোটেই দেশ ম্ৰিয়মান হৈ পৰিল। কুস্তীক ‘মা’ বুলি মাতি ক্ষমা খুজিলে। ক’লে, আৰু শক্তি, সাহস, সপোন — একোৱেই বাকী নাই। সেয়ে কেৰিয়াৰৰ যুঁজখনৰ পৰা তেওঁ বিদায় ল’লে।