NORTHEAST NOW (Assamese)

আঘাত: এছিয়ান গেমছৰ পৰা বাহিৰ ৱিনেশ ফ’গাট

August 15, 2023 6:06 pm · এন ই নাও নিউজ, গুৱাহাটী

আগন্তুক এছিয়ান গেমছৰ পৰা বাহিৰ হৈছে তাৰকা মল্লযুঁজাৰু ৱিনেশ ফ’গাট। আঁঠুৰ আঘাতৰ বাবে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব নোৱাৰিব তাৰকা মল্লযুঁজাৰুগৰাকীয়ে। এক টুইট যোগে ফ’গাটে নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে।

খেলুৱৈগৰাকীয়ে সদৰী কৰা মতে, যোৱা ১৩ আগষ্টত ট্ৰেইনিঙৰ সময়ত তেওঁ বাওঁ আঁঠুত আঘাত পাইছিল। পিছত চিকিৎসা পৰীক্ষাত চিকিৎসকে তেওঁ সুস্থ হৈ উঠাৰ বাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজনীয়তাৰ কথা জানিবলৈ দিয়ে বুলি উল্লেখ কৰে ফ’গাটে।

তেওঁ লগতে সদৰী কৰা মতে, অহা ১৭ আগষ্টত মুম্বাইত তেওঁৰ অস্ত্ৰোপচাৰ সম্পন্ন হ’ব। ২০১৮ চনত জাকাৰ্টাত দেশৰ হৈ লাভ কৰা স্বৰ্ণ অক্ষত ৰখাৰ স্বপ্ন আছিল যদিও আঘাতৰ বাবে এতিয়া এয়া পূৰ্ণ নহ’ব বুলিও ফ’গাটে দুখ প্ৰকাশ কৰে।

ৱিনেশ ফ’গাটৰ অনুপস্থিতিত এতিয়া অন্তিম পাংঘালক এছিয়ান গেমছমুখী ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰাৰ পথ প্ৰশস্ত কৰিছে। ২০ বছৰ অনুৰ্ধ বিশ্ব চেম্পিয়ন পাংগালে ট্ৰাইলত জয়লাভ কৰাৰ পিছত ষ্টেণ্ডবাইত ৰখা হৈছিল।

লক্ষণীয়ভাৱে, এছিয়ান গেমছৰ বাবে ফ’গাটৰ লগতে আন এগৰাকী তাৰকা মল্লযুঁজাৰু বজৰং পুনিয়াক এড-হক পেনেলে পোনপটীয়াকৈ প্রৱেশ প্রদান কৰিছিল। এই লৈ এক বৃহৎ বিতৰ্কৰ সৃষ্টি কৰিছিল।

প্ৰসঙ্গক্ৰমে উল্লেখ কৰিব পাৰি যে, শেহতীয়াকৈ দেশত হোৱা মল্লযুঁজাৰুসকলৰ প্ৰতিবাদৰ মূল হোতা আছিল ৱিনেশ ফ’গাট। ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত যৌন নিৰ্যাতনৰ অভিযোগক লৈ দীৰ্ঘদিন ধৰি চলিছিল এই প্ৰতিবাদ।

Related News