যন্তৰ মন্তৰৰ পৰা সংসদলৈ ভাইৰেল ‘Vasteguna Huiya’, জেন-জিৰ মুখৰ এই বাক্যাংশৰ অৰ্থ কি?
যোৱা কেইদিনমানৰ পৰা ইনষ্টাগ্ৰাম, এক্স বা ফেচবুক খুলিলেই বাৰে বাৰে এটা অদ্ভুত বাক্যাংশ দেখিবলৈ পোৱা গৈছে, ‘Vasteguna Huiya’। এই বাক্যাংশ প্ৰতিবাদী সমদল, মিম, ৰিল, কমেন্ট ছেকছনৰ পৰা সংসদ গৈ পাইছে। কিন্তু ইয়াৰ প্ৰকৃত অৰ্থ কি? বহুতে ইয়াৰ উত্তৰ বিচাৰিছে। আমোদজনক কথাটো হ’ল এই বাক্যাংশৰ কোনো নিৰ্দিষ্ট অৰ্থই নাই। আৰু সেইটোৱেই ইয়াৰ জনপ্ৰিয়তাৰ আটাইতকৈ ডাঙৰ কাৰণ।
ছ’চিয়েল মিডিয়াত জনপ্ৰিয় ব্যাখ্যা অনুসৰি শেহতীয়াকৈ ককৰোচ জনতা পাৰ্টিৰ আন্দোলনৰ সময়ত যুৱক-যুৱতীসকলে কথা-বতৰাৰ মাজত, আৰক্ষীৰ সন্মুখত বা শ্ল’গানৰ মাজত বাৰে বাৰে ‘Vasteguna Huiya’ ক’বলৈ আৰম্ভ কৰিছিল। অতি কম সময়ৰ ভিতৰতে ই ৰিল, শ্বৰ্ট ভিডিঅ’ আৰু মিমৰ বাবে জনপ্ৰিয় বিষয় হৈ পৰিল।
ইণ্টাৰনেট সংস্কৃতিত বহুতো এনে শব্দ বা বাক্যাংশৰ নিৰ্দিষ্ট অৰ্থ নাই। বৰঞ্চ সেইবোৰ এটা নিৰ্দিষ্ট অনলাইন সংস্কৃতি বা কৌতুকৰ অংশ। ‘ব্ৰুহ’ আৰু ‘স্কিবিদি’ৰ দৰে ‘Vasteguna Huiya’ও এনে এক অভিব্যক্তি যাৰ আকৰ্ষণ মূলতঃ উচ্চাৰণ আৰু ব্যৱহাৰত নিহিত হৈ আছে।
বহু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে দাবী কৰে যে এই ধাৰাটোৰ শিপা ২০১৫ চনৰ এটা ভাইৰেল Vine ভিডিঅ’ৰ পৰাই হৈছে। তাত এজন কিশোৰে চিৰিৰ ওপৰৰ পৰা চিঞৰিছিল, ‘Can I get a Hoiya?’। তলত থিয় হৈ থকা আন এজনে তাৰ উত্তৰ দিলে, ‘Oh Yeah!’।
পিছলৈ টিকটক আৰু ইনষ্টাগ্ৰামত পুনৰ এই অডিঅ’ জনপ্ৰিয় হৈ পৰে। ভাৰতীয় কন্টেন্ট ক্ৰিয়েটৰসকলে সেইটোকে ক্ৰমান্বয়ে নিজৰ মতে নকল কৰি আৰু পৰিৱৰ্তন কৰি লাহে লাহে ‘Can I get a Hoiya?’ক ‘Vasteguna Huiya’লৈ ৰূপান্তৰিত কৰে।
এই ভাইৰেল বাক্যাংশ এতিয়া সংসদতো উপনীত হৈছে। পাব্লিক এক্সামিনেশ্যনছ (প্ৰিভেনশ্যন অফ আনফেয়াৰ মিনছ) সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনাৰ সময়ত কংগ্ৰেছৰ সাংসদ দীপেন্দৰ সিং হুডাই জেন জি প্ৰজন্মৰ ভাষা আৰু যোগাযোগ শৈলীৰ বিষয়ে ব্যাখ্যা কৰি ‘Vasteguna Huiya’ৰ কথা উল্লেখ কৰে। তেতিয়াৰ পৰাই বিষয়টো আৰু অধিক চৰ্চালৈ আহিছে।
বৰ্তমান ‘Vasteguna Huiya’ বন্ধু-বান্ধৱীক সম্ভাষণ জনোৱাৰ বাবে, ধেমেলীয়া কৌতুকেৰে কথাৰ মাজত সুমুৱাই দিয়া আৰু ৰিল বা মিমৰ কেপচন হিচাপে ব্যৱহাৰ কৰা হয়। যদিও ইয়াৰ অভিধানৰ কোনো অৰ্থ নাই, এই বাক্যাংশ ব্যৱহাৰ কৰিলে ব্যৱহাৰকাৰীজন ভাইৰেল ইণ্টাৰনেট ট্ৰেণ্ডৰ সৈতে পৰিচিত হোৱাটো বুজা যায়। জেন জিৰ ভাষাত সেই ব্যক্তিজন ‘Baddie’।