NORTHEAST NOW (Assamese)

পুনৰ ভাইৰেল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰশ্নকাকত! শিক্ষাৰ্থীৰ সমস্যাক আওকাণ কৰি নিঃপালি ৰণোজ পেগুৰ

March 22, 2025 1:19 pm · এন ই নাও নিউজ, গুৱাহাটী

পুনৰ ভাইৰেল হ’ল প্ৰশ্নকাকত! এইবাৰ ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ অৰ্থনীতি বিজ্ঞানৰ প্ৰশ্নকাকত।

আজি অৰ্থাৎ শনিবাৰে আছিল উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ অৰ্থনীতি বিষয়ৰ পৰীক্ষা। কিন্তু কালি শুকুৰবাৰে নিশাই মবাইলে মবাইলে ছাত্ৰ-ছাত্ৰীৰ হাতে হাতে আহি পৰিল প্ৰশ্নকাকত।

প্ৰাপ্ত তথ্য অনুসৰি, তিনিচুকীয়াৰ ফিলবাৰীত অৰ্থনীতি বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল হয়।

প্ৰথম অৱস্থাত ফাদিল হোৱা প্ৰশ্নকাকতখন ভুৱা বুলি ভবা হৈছিল যদিও আজি পৰীক্ষা আৰম্ভ হোৱাৰ লগে লগেই সেইখনেই প্ৰকৃত প্ৰশ্নকাকত বুলি নিশ্চিত হয়।

আজি অৰ্থনীতি বিষয়ৰ প্ৰশ্নকাকতৰ লগত ছাত্ৰ-ছাত্ৰীৰ মবাইলে মবাইলে থকা প্ৰশ্নকাকতৰ ১০০% মিল আছে বুলি ৰাজ্যিক সংবাদ মাধ্যম নিউজ ১৮-এ প্ৰকাশ কৰিছে।

Related News