NORTHEAST NOW (Assamese)
Popular Stories

কোহলী-অনুষ্কাৰ সংসাৰলৈ শীঘ্ৰেই দ্বিতীয় সন্তান! এ বি ডে ভিলিয়াৰ্ছে দিলে বতৰা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2024 7:57 pm
Virat Kohli Anushka Sharma AB de Villiers

ইংলেণ্ডৰ বিপক্ষে চলি থকা টেষ্ট শৃংখলাৰ প্ৰথম দুখন টেষ্টৰ পৰা অব্যাহতি লছিল ভাৰতীয় দলৰ তাৰকা বিৰাট কোহলীয়ে। শৃংখলাৰ তৃতীয় টেষ্টৰ বাবেও কোহলী দলত উপলব্ধ নাথাকিব পাৰে বুলিও প্ৰকাশ পাইছে খবৰ।

কোহলীৰ এই সিদ্ধান্তক লৈ তেওঁৰ অনুৰাগীৰ লগতে ক্ৰিকেটপ্ৰেমীসকলৰ মাজত ব্যাপক চৰ্চা হোৱা পৰিলক্ষিত হৈছে। তাৰ মাজতে একাংশই কোহলী আৰু তেওঁৰ পত্নী অনুষ্কা শৰ্মাৰ সংসাৰলৈ নতুন সন্তান আহিব পাৰে বুলি সম্ভাৱনা প্ৰকাশ কৰিছিল।

এনে চৰ্চাৰ মাজতে আনকি বিচিচিআইয়ে এক বিজ্ঞপ্তি যোগে কোহলীৰ প্ৰতি সন্মান জনাই তেওঁৰ ব্যক্তিগত সিদ্ধান্তক লৈ আলোচনা কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছিল অনুৰাগীসকলক।

তাৰ পাছতো স্বাভাৱিকতেই কোহলীৰ অনুপস্থিতিৰ বিষয়ক লৈ অন্ত পৰা নাছিল চৰ্চা। এনে চৰ্চাৰ মাজতে আজি দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন তাৰকা তথা কোহলীৰ অন্তৰংগ বন্ধু এ বি ডে ভিলিয়াৰ্ছে প্ৰকাশ কৰিছে এক বিশেষ খবৰ।

কোহলীৰ লগতে নিজৰ অনুৰাগীসকলক উদ্দেশ্যি ভিলিয়াৰ্ছে উল্লেখ কৰা মতে ইংলেণ্ডৰ বিপক্ষে চলি থকা শৃংখলাৰ প্ৰথম দুখন টেষ্টৰ পৰা কোহলীয়ে অব্যাহতি লোৱাৰ পিছতে তেওঁ কোহলীৰ খবৰ লয়।

বিৰাট কোহলী সম্প্ৰতি ভালেই আছে আৰু পৰিয়ালৰ সৈতে সময় কটাবলগীয়া হৈছে বুলি জানিবলৈ দিয়ে ভিলিয়াৰ্ছে। লগতে কোহলী আৰু অনুষ্কা শৰ্মাই দ্বিতীয় সন্তানৰ জন্মৰ বাবে অপেক্ষাৰত বুলিও তেওঁ সদৰী কৰে।

ভিলিয়াৰ্ছে লগতে কোহলীৰ এই সিদ্ধান্তক উচ্চ প্ৰশংসা কৰে। এ বি ডি ভিলিয়াৰ্ছে কয় যে জীৱনৰ এই বিশেষ সময়ছোৱাত পৰিয়ালক অগ্ৰাধিকাৰ দিয়াৰ বাবে তাৰকা ক্ৰিকেটাৰগৰাকীক সমালোচনা কৰিব নালাগে বুলিও ভিলিয়াৰ্ছে মত প্ৰকাশ কৰে।

উল্লেখ্য যে, দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০১৭ চনত বিবাহপাশত আবদ্ধ হৈছিল বিৰাট-অনুষ্কা। ‘বিৰুষ্কা’ নামেৰে জনপ্ৰিয় হৈ পৰা এই দম্পতীহালে যোৱা জানুৱাৰী মাহত প্ৰথম সন্তান ভামিকাৰ তৃতীয় জন্মদিন উদযাপন কৰিছিল।