NORTHEAST NOW (Assamese)
অসম

অধিনায়ক হিচাপে মহেন্দ্ৰ সিং ধোনীৰ অভিলেখ ভংগ বিৰাট কোহলীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2019 4:38 pm
Dhoni and Virat

কলকাতাৰ ইডেন গাৰ্ডেনত অনু্ষ্ঠিত হোৱা পিংক বল টেষ্ট মেচত বাংলাদেশৰ বিৰুদ্ধে বিজয়ী হোৱাৰ পাছতে মহেন্দ্ৰ সিং ধোনীৰ অভিলেখ ভংগ কৰি একেৰাহে সাতখন টেষ্টত জয়লাভ কৰা ভাৰতৰ প্ৰথম অধিনায়ক হিচাপে পৰিগণিত হয় বিৰাট কোহলী।

ইয়াৰ পূৰ্বে ২০১৩ চনত মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বত ভাৰতে একেৰাহে ছখন টেষ্টত জয়লাভ কৰিছিল।

ইডেন গাৰ্ডেনত ভাৰতৰ মাটিত অনুষ্ঠিত হোৱা প্ৰথমখন দিবা-নৈশ টেষ্টত ভাৰতে বাংলাদেশক এক ইনিংছ আৰু ৪৬ ৰাণত পৰাস্ত কৰাৰ লগে লগে কোহলীয়ে ধোনীৰ অভিলেখ ভংগ কৰে।

উল্লেখযোগ্য যে, কোহলীৰ নেতৃত্বত ভাৰতে শেহতীয়া তিনিটা শৃংখলাত ৱেষ্ট ইণ্ডিজক ২-০, দক্ষিণ আফ্ৰিকাক ৩-০ আৰু বাংলাদেশক ২-০ ব্যৱধানত পৰাস্ত কৰি অভিলেখ স্থাপন কৰে।

কোহলীৰ নেতৃত্বতে ভাৰতে একেৰাহে পঞ্চমটো টেষ্ট শৃংখলা জয় কৰে। কোহলীৰ নেতৃত্বত ভাৰতৰ পেচ বলিঙে নতুন মাত্ৰা লাভ কৰিবলৈ সক্ষম হৈছে।

ইশান্ত শৰ্মা, বুমৰাহ, উমেশ যাদৱ, মহম্মদ ছামী, ভূৱনেশ্বৰ কুমাৰৰে গঠিত ভাৰতীয় পেচ বলিং আক্ৰমণ বৰ্তমান বিশ্বৰ ভিতৰতে শক্তিশালী হিচাপে পৰিগণিত হৈছে।